নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত মহিলাৰ ভোটাধিকাৰ লাভৰ ১০০ বছৰ

১৯২০ৰ ১৮ আগষ্টত গ্রহণ কৰা হৈছিল ঐতিহাসিক সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ আমেৰিকাৰ মহিলাই ভোটাধিকাৰ লাভ কৰাৰ ১০০ বছৰ পূর্ণ হ’ল।  স্মর্তব্য যে ১৯২০ চনৰ ১৮ আগষ্টত সংবিধানৰ ১৯সংখ্যক সংশোধনীৰ জৰিয়তে বিশ্বৰ পৰাক্রমী দেশখনৰ মহিলাসকলৰ ভোটাধিকাৰ নিশ্চিত কৰা হৈছিল৷ অৱশ্যে ১৯২০ চনৰ পূর্বে কেইবাদশক ধৰি ভোটাধিকাৰৰ বাবে মহিলাসকলে দেশখনত বিক্ষোভ কার্যসূচী গ্রহণ কৰিবলগীয়া হৈছিল৷

ছুছান বি এণ্টনী আৰু এলিজাবেথ কেডি ষ্টেণ্টনৰ দৰে মহিলাসকলে এই বিক্ষোভৰ নেতৃত্ব দিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে ১৯সংখ্যক সংশোধনীৰ জৰিয়তে মহিলাসকলৰ ভোটাধিকাৰ নিশ্চিত কৰা হৈছিল যদিও দেশখনত আফ্রিকান মূলৰ মহিলাসকলে ইয়াৰ পাছতো ভোটাধিকাৰৰ বাবে দীর্ঘদিন ধৰি সংগ্রাম কৰিবলগীয়া হৈছিল৷

হিছপানিক আৰু আদিবাসী মহিলাসকলৰ ভোটাধিকাৰ কেইবাদশক পাছতহে নিশ্চিত হৈছিল দেশখনত৷ মহিলাৰ ভোটাধিকাৰ প্রাপ্তি সম্পূর্ণ হোৱা উপলক্ষে বিবিচিয়ে ৰিপাব্লিকান আৰু ডেম’ক্রেটিক পার্টীৰ কেইবাগৰাকীও নেত্রীৰ সাক্ষাৎকাৰ গ্রহণ কৰিছে৷

জেনিফাৰ কেৰ’ল ফয় নামৰ মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে ১০০ বছৰত বিশেষ কোনো সফলতা লাভ কৰা নাই আমেৰিকাৰ নাৰী সমাজে৷ ভোটাধিকাৰ নিশ্চিত কৰাৰ ১০০ বছৰ সম্পূর্ণ হৈছে যদিও নাৰীৰ অধিকাৰ প্রাপ্তি অতি পলমকৈ সম্ভৱ হৈছে আমেৰিকাত৷

লক্ষণীয়ভাৱে আফ্রিকান আমেৰিকান মহিলাসকলৰ ওপৰত এতিয়াও দেশখনত বিভিন্ন ধৰণৰ নির্যাতন চলি আছে৷

You might also like