১ ছেপ্টেম্বৰৰ পৰা প্রদর্শিত হ’ব অলিম্পিক শিখা
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ অহা ১ ছেপ্টেম্বৰৰ পৰা জাপানিজ অলিম্পিক মিউজিয়ামত প্রদর্শিত হ’ব টকিঅ’ অলিম্পিকৰ শিখা৷ জাপানিজ অলিম্পিক কমিটীয়ে আজি এই কথা ঘোষণা কৰে৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি যোৱা মার্চত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে টকিঅ’ অলিম্পিক ২০২১লৈ স্থগিত ৰখাৰ পিছত অলিম্পিক শিখা দৌৰ আৰু ইয়াৰ প্রদর্শন বাতিল কৰা হৈছিল৷
অন্তিমবাৰৰ বাবে টকিঅ’ অলিম্পিকৰ শিখা ফুকুছিমাত দেখিবলৈ পোৱা গৈছিল৷ ১ ছেপ্টেম্বৰৰ পৰা জাপানিজ অলিম্পিক মিউজিয়ামত প্রদর্শিত হ’বলগীয়া অলিম্পিক শিখা সীমিতসংখ্যক দর্শকৰ বাবে মুকলি কৰি দিয়া হ’ব৷ এক নির্দিষ্ট দিন আৰু সময়তহে দর্শকে অলিম্পিক শিখা প্রত্যক্ষ কৰিব পাৰিব৷ জাপানিজ অলিম্পিক কমিটীয়ে সদৰী কৰা অনুসৰি অহা ১ নৱেম্বৰপর্যন্ত জাপানিজ অলিম্পিক মিউজিয়ামত অলিম্পিক শিখা ৰখা হ’ব৷ ইয়াৰ পিছত শিখা ক’লৈ নিয়া হ’ব, সেয়া এইপর্যন্ত উদ্যোক্তা কমিটীয়ে সদৰী কৰা নাই৷