নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে দুটা টুইট কৰি উচ্চতম ন্যায়ালয়ত আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণে সর্বোচ্চ ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাৰ দিনাই ক্ষমা নোখোজে বুলি স্পষ্ট কৰি দিয়ে৷ যোৱা শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অধিবক্তা ভূষণক সোমবাৰৰ ভিতৰত ক্ষমা খুজিবলৈ নির্দেশ দিছিল যদিও সোমবাৰে অধিবক্তা ভূষণে ক্ষমা নোখোজে বুলি পৰিপূৰক বিবৃতি সর্বোচ্চ ন্যায়ালয়ত দাখিল কৰে৷ অধিবক্তা কামিনী জয়ছোৱালৰ জৰিয়তে দাখিল কৰা পৰিপূৰক বিবৃতিত ভূষণে এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁৰ টুইটে জনতাৰ বিশ্বাসক প্রতিফলিত কৰে আৰু জনতাৰ প্রকাশেই তেওঁৰ বিশ্বাস৷ এনে দৃষ্টিভংগীত এগৰাকী নাগৰিক আৰু আদালতৰ দায়বদ্ধ ব্যক্তি হিচাপে তেওঁ নিজৰ স্থিতিত অটল৷ গতিকে তেওঁৰ বিশ্বাস যে ক্ষমা চর্তসাপেক্ষ কিম্বা নিঃচর্তই হওক, ই অন্তঃসাৰশূন্য৷ এনে অন্তঃসাৰশূন্য ক্ষমাই তেওঁৰ বিবেকক অৱমাননা কৰিব৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়াত অধিবক্তা ভূষণে চিজেআই এছ এ ব’বডেই বিলাসী মটৰ বাইক হার্লী ডেভিডছনত বহা আলোকচিত্রক লৈ সচেতনমূলক মন্তব্য কৰিছিল৷ এই টুইটটোকে সাৰথি কৰি ভূষণৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল৷