নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত ৪ বছৰীয়া শিশুক ধর্ষণ–হত্যা, অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  ছত্তিশগড়ৰ ৰাজনন্দ গাঁৱত চাৰি বছৰীয়া শিশু এটিক ধর্ষণ কৰি হত্যা কৰাৰ অপৰাধত এজন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ২৮ বছৰীয়া শেখৰ ক’ৰাম নামৰ লোকজনে যোৱা শনিবাৰে সন্ধিয়া ৪ বছৰীয়া শিশুটিক ফুচুলাই ঘৰৰ পৰা লৈ যায়৷ উক্ত সন্ধিয়াই পৰিয়ালৰ লোকে কন্যাগৰাকী সন্ধানহীন হোৱা বুলি আৰক্ষীক অৱগত কৰায়৷ আৰক্ষীয়ে অনুসন্ধান চলোৱাত শেখৰ ক’ৰাম নামৰ লোকজনৰ নির্মীয়মাণ গৃহত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে, ক’ৰামে শিশুটিক ঘৰৰ সন্মুখৰ পৰা ফুচুলাই নি গৃহটোৰ ভিতৰত নির্যাতন চলাবলৈ বিচাৰোঁতে চিঞৰ–বাখৰ কৰে৷ ক’ৰামে শিশুটিৰ মুখত সোপা দি নির্যাতন চলোৱাত শিশুটিৰ মৃত্যু ঘটে৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আৰু শিশু যৌন অপৰাধ সুৰক্ষা আইনৰ অধীনত ক’ৰামক গ্রেপ্তাৰ কৰিছে৷

You might also like