নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰে’ল ষ্টেচনত জর্দা–শিখৰসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  গুৱাহাটী ৰে’লৱে ষ্টেচনত চলোৱা নিয়মীয়া তালাচীত কালি শিখৰ আৰু জর্দাসহ ১নং প্লেটফর্মৰ পৰা এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ৰাজধানী এক্সপ্রেছত ৭ বেগ শিখৰ আৰু ৬ কার্টন জর্দা উঠাবলৈ লোৱাৰ সময়তে আৰপিএফ আৰু অপৰাধ অনুসন্ধান শাখাই ভুবনেশ্বৰ যাদৱ নামৰ লোকজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ পল্টনবজাৰৰ শ্রীগণপতি এণ্টাৰপ্রাইজৰ পৰা এই জর্দা আৰু শিখৰখিনি ডিমাপুৰলৈ ৰে’লেৰে পঠিওৱাৰ কথা আছিল৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি শিখৰ আৰু জর্দাখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ জব্দকৃত শিখৰ আৰু জর্দাখিনিৰ বজাৰ মূল্য প্রায় ১.৬৫ লাখ টকা হ’ব৷

You might also like