নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ৫০০ নিবনুৱাক কর্মসংস্থাপন দিয়াৰ লক্ষ্য

বেচৰকাৰী সংগঠন শ্রমিক নিৰাপত্তা উন্নয়ন সমিতিৰ ব্যতিক্রমী পদক্ষেপ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  ক’ৰোনা সংক্রমণৰ বাবে বিগত প্রায় ছমাহ ধৰি চলি থকা লকডাউনৰ ফলত গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ নিবনুৱা সমস্যাই৷ সমান্তৰালভাৱে মহানগৰীৰ বহুকেইটা ক্ষুদ্র উদ্যোগৰ উৎপাদন বন্ধ হোৱাৰ ফলত তেনে উদ্যোগত কর্মৰত শ্রমিকসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে৷ তেনে কর্মচাৰীৰ ওচৰত শেহতীয়াকৈ থিয় দিছে মহানগৰীৰ এটা বেচৰকাৰী অনুষ্ঠান৷ শ্রমিক নিৰাপত্তা উন্নয়ন পৰিষদ নামৰ বেচৰকাৰী সংগঠনটোৱে লকডাউনৰ ফলত কর্মহীন হৈ পৰা মহানগৰীৰ ৫০০ নিবনুৱাক কর্মসংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছে৷ সংগঠনটোৰ সভাপতি চামিম আলীয়ে জানিবলৈ দিয়া মতে, মহানগৰীৰ বিভিন্ন নির্বাচিত স্থানত নিবনুৱাসকলক হাঁহ–কুকুৰা, মাছ আৰু পাচলিৰ দোকান তথা ব্যৱসায় কৰাৰ বাবে বিনামূলীয়াকৈ সুবিধা কৰি দিব৷ কালিৰে পৰা আৰম্ভ কৰা এই কার্যসূচী অনুসৰি বহিঃৰাজ্যৰ পৰা ঘূৰি আহি মহানগৰীত কামৰ সন্ধান কৰি থকা যোৰহাটৰ এজন যুৱক পলাশ শইকীয়াক নাৰেংগীৰ কংলপাৰ বজাৰত হাঁহ–কুকুৰাৰ ব্যৱসায় কৰাৰ সুবিধা কৰি দিয়ে৷ জানিব পৰা মতে, সংগঠনটোৱে দগা–পাল্লাৰ পৰা আৰম্ভ কৰি দা–কটাৰী আৰু হাঁহ–কুকুৰা ৰাখিব পৰা গঁৰাল বিনামূলীয়াকৈ যোগান ধৰাৰ উপৰি পাইকাৰী দৰত হাঁহ–কুকুৰাৰ যোগান ধৰিছে৷ একেদৰে আৰম্ভণিৰ দিনটোতে আমগাঁও তাৰিবাগানৰ সুবল বর্মন আৰু মুক্তাৰ আলী নামৰ দুই নিবনুৱাকো হাঁহ–কুকুৰাৰ ব্যৱসায় কৰাৰ বাবে যাৱতীয় সামগ্রী প্রদান কৰে বেচৰকাৰী সংগঠনটোৱে৷ বেচৰকাৰী সংগঠনটোৰ এই পদক্ষেপে লকডাউনৰ কুপপ্রভাৱৰ পৰা নিশ্চয়কৈ বহু পৰিয়ালক উপকৃত কৰাৰ আশা কৰি শলাগ লৈছে সচেতন মহলে৷

You might also like