নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ নৰেন্দ্র মোদীৰ শাসনকালত শিক্ষার্থীৰ সমস্যা আৰু জেইই–নীট পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী৷ কংগ্রেছৰ সভানেত্রীৰ নেতৃত্বত কংগ্রেছশাসিত চৰকাৰ আৰু অ–বিজেপি চৰকাৰৰ মুখ্যমন্ত্রীৰ ভার্চুৱেল বৈঠকত শিক্ষার্থীসকলক সংকটত পেলাই জেইই–নীট পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এই পৰীক্ষা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ইংগিত দিয়ে৷ পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিং, ৰাজস্থানৰ অশোক গেহলট, ছত্তিশগড়ৰ ভূপেশ বাঘেল, পুডুচেৰীৰ ভি নাৰায়ণাস্বামী, ঝাৰখণ্ডৰ হেমন্ত ছোৰেণৰ লগতে তৃণমূল কংগ্রেছশাসিত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, বিজেডিশাসিত ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই এই ভার্চুৱেল বৈঠকত অংশ লয়৷
বৈঠকত ছোনিয়া গান্ধীয়ে মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শিক্ষার্থীৰ সমস্যা সমাধানৰ লগতে জেইই–নীট পৰীক্ষা সন্দর্ভত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে একমত হৈ কাম কৰাৰ আহ্বান জনায়৷ তদুপৰি কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্রীয় শিক্ষানীতিকো সমালোচনা কৰি এনডিএৰ এই সিদ্ধান্তই ধর্মনিৰপেক্ষতা আৰু বৈজ্ঞানিক প্রমূল্যক অৱমাননা কৰে বুলি উল্লেখ কৰে৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কেন্দ্রৰ বিৰুদ্ধে সৰৱ হৈ জেইই–নীট পৰীক্ষাৰ বিৰুদ্ধে সকলো মুখ্যমন্ত্রীক ঐক্যবদ্ধ হৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ আহ্বান জনায়৷ ক’ভিড– মহামাৰীৰ সময়ছোৱাত শিক্ষার্থীসকল সাজু নৌহওঁতেই এই পৰীক্ষা অনুষ্ঠিত কৰাটো অনুচিত বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ ওড়িশা আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীয়ে কেন্দ্রৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ আহ্বান জনায়৷