আদিংগিৰিত অব্যাহত নাহৰফুটুকীৰ আতংক
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ অৱশেষত বন বিভাগৰ নিৰৱচ্ছিন্ন প্রচেষ্টাত এটা শিশুক নিহত কৰাৰ পাঁচ দিনৰ পিছত পিঞ্জৰাবদ্ধ হ’ল গুৱাহাটীৰ মাজমজিয়াৰ মালিগাঁৱৰ আদিংগিৰিৰ নৰখাদক নাহৰফুটুকী বাঘটো৷ ২১ আগষ্টৰ সন্ধিয়া আদিংগিৰিত নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত শিৱম কুমাৰ নামৰ এটি ছয় বছৰীয়া শিশুক হঠাতে আক্রমণ কৰি গলত কামুৰি নিহত কৰাৰ পিছত ২২ আগষ্টৰ পুৱাৰ ভাগতে বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কার্যালয়ে ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষৰ সহযোগত ছাগলীক টোপ হিচাপে ব্যৱহাৰ কৰি নৰখাদক বাঘটো ধৰাৰ বাবে শিৱমৰ ঘৰৰ পাছফালে হাবিত পিঞ্জৰা স্থাপন কৰিছিল৷
আনকি ২৩ আৰু ২৪ আগষ্টৰ দিনা সন্ধিয়াৰ পৰা পুৱতি নিশালৈ অঞ্চলটোৰ মূল পথ, উপপথত বাঘটো বিচৰণ কৰি থকা কোনো কোনো লোকৰ ঘৰত থকা চিচি টিভিত বন্দী হৈছিল৷ তাৰ পিছতো বাঘে পিঞ্জৰাত থকা ছাগলী খাবলৈ নহাত অঞ্চলটোৰ লোকসকল আচৰিত হৈছিল৷ আনদিনাৰ দৰে ২৫ আগষ্টৰ দিনা বিয়লি বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধিকাৰী (ডিএফ’) ৰাজীৱ বৰুৱা, গুৱাহাটীৰ আঞ্চলিক বন বিষয়া পংকজ কলিতাই পিঞ্জৰা পতা স্থান পৰিদর্শন কৰি বাঘৰ গতিবিধিৰ বুজ লয়৷ কিন্তু নিশা প্রায় ৮.৪৫ বজাত বাঘৰ প্রচণ্ড গোঁজৰণিৰ শব্দ শুনি অঞ্চলটোৰ লোকসকল পুনৰ শংকিত হৈ পৰে৷ ইয়াৰে কেইবাজনো সাহসী লোকে হাতত টর্চ লৈ পিঞ্জৰা থকা স্থানলৈ গোঁজৰণিৰ শব্দ অনুসৰণ কৰি তালৈ যোৱাত এটা বাঘ পিঞ্জৰাত আবদ্ধ হৈ থকাৰ বিপৰীতে তিনিটামান বাঘ তাৰ পৰা হাবিলৈ যোৱা প্রত্যক্ষ কৰে৷ লগে লগে এই সন্দর্ভত স্থানীয় মালিগাঁও আৰক্ষী চকীত খবৰ দিয়া হয়৷
আৰক্ষীয়ে ততালিকে বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া পংকজ কলিতাক অৱগত কৰায়৷ বন বিষয়া পংকজ কলিতাই ততালিকে ঘটনাস্থলীত এটা বনকর্মীৰ দল লৈ নিশা প্রায় ১০.৩০ বজাত উপস্থিত হোৱাৰ লগতে এই সন্দর্ভত ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষকো অৱগত কৰায়৷ নিশা প্রায় ১১.৩০ বজাত চিৰিয়াখানাৰ পৰা অহা এটা বনকর্মীৰ দলে ৰাইজৰ সহযোগত ট্রেংকুইলাইজ নকৰাকৈ মাজনিশা ১২.৩০ বজাত এখন বিশেষ বাহনত বাঘটো চিৰিয়াখানালৈ লৈ যায়৷ এই কার্যত অঞ্চলটোৰ ৰাইজৰ লগতে খানামুখ খণ্ড বন কার্যালয়ৰ পৰা খণ্ড বিষয়া ৰূপল হালৈ আৰু ফটাশিল খণ্ড বন কার্যালয়ৰ খণ্ড বিষয়া জোতিষ কলিতাৰ নেতৃত্বত এটা বনকর্মীৰ দল, বালিগাঁও আৰক্ষী চকীৰ এটা আৰক্ষী চি আৰ পি এফ দলে সহযোগিতা আগবঢ়ায়৷
অৱশ্যে নিশা পিঞ্জৰাবদ্ধ হোৱা বাঘ চাবলৈ ঘটনাস্থলীত বহু লোকৰ সমাগম হয় যদিও আৰক্ষী–চি আৰ পি এফে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইফালে, অঞ্চলটোত কেইবাটাও বাঘৰ উপস্থিতিৰ এটি লক্ষ্য ৰাখি বন বিভাগে পূর্বৰ স্থানতে ছাগলীক টোপ হিচাপে ব্যৱহাৰ কৰি মাজনিশা পুনৰ পিঞ্জৰা স্থাপন কৰিছে৷ বন বিষয়া পংকজ কলিতাই অঞ্চলটোৰ বাসিন্দাসকলক নিশাৰ ভাগত সাৱধানে চলা–ফুৰা কৰিবলৈ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে নিশা পিঞ্জৰাবদ্ধ হোৱা বাঘটো শিৱমক আক্রমণ কৰা নৰখাদক বাঘটো হয় নে নহয় তাক নিশ্চিত কৰিব পৰা হোৱা নাই যদিও অঞ্চটোৰ ৰাইজে আৰু অধিক পিঞ্জৰা স্থাপন কৰিবলৈ দাবী জনাইছে৷