হাতীগাঁৱত বজৰং দলৰ নেতাক প্রহাৰ
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ মহানগৰীৰ হাতীগাঁৱত কালি নিশা ৰাষ্ট্রীয় বজৰং দলৰ মহানগৰ সমিতিৰ সম্পাদক মাধুর্য দাসক পাঁচজনীয়া দুর্বৃত্তই প্রহাৰ কৰি সোণৰ অলংকাৰ লুট কৰা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত খবৰ মতে কালি নিশা মাধুর্য দাসে তেওঁৰ কেইজনমান বন্ধুৰ সৈতে হাতীগাঁৱৰ শেৱালি পথৰ সন্মুখত নিজ বাহনত বহি থকা অৱস্থাত নিশা প্রায় ১১.৩০ বজাত এখন বাহনত পাঁচজন যুৱক আহি তেওঁলোকক অশ্লীল গালি–গালাজ পাৰে৷
ৰঙা বাহনত অহা যুৱককেইজনে তেওঁলোকক গালি–গালাজ পৰাৰ উপৰি বিনা কাৰণতে মাৰপিট কৰি দাসৰ সোণৰ অলংকাৰ কাঢ়ি লৈ উধাও হয়৷ ঘটনা সন্দর্ভত পিছত ভুক্তভোগী দাসে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায়৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে প্রহাৰ কৰা যুৱককেইজনৰ ভিতৰত সিজুবাৰীৰ টম আৰু মুন নামৰ দুজন যুৱক থকাৰ কথা জানিবলৈ দিছে ভুক্তভোগী মাধুর্য দাসে