দেশ বিদেশৰাষ্ট্ৰীয় ক’ৰোনাৰ সংহাৰৰ মাজতে ওড়িশাত বিৰল প্রজাতিৰ বাদুলি! By নিয়মীয়া বাৰ্তা On Aug 27, 2020 Share নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ওড়িশাত দেখা গৈছে অদ্ভুত ধৰণৰ বাদুলি। বন বিভাগৰ কর্মীয়ে জনাইছে, এই বাদুলিবিধ অতি বিৰল প্রজাতিৰ। ইপিনে এই বাদুলিৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে বন বিভাগৰ এজন বিষয়াই । যাৰ পাছতে বিশেষ চৰ্চা লাভ কৰিছে ছবিকেইখনে । জনা গৈছে বিশেষ প্রজাতিৰ এই বাদুলিৰ নাম পেইণ্টেড বেট। ভাৰতৰ বাহিৰেও বহুকেইখন দেশত দেখা যায় এই প্রজাতিৰ বাদুলি। সাধাৰণতে আমি দেখা পোৱা বাদুলিবোৰৰ ৰং হৈছে কলা। কিন্তু এই প্রজাতিৰ বাদুলিৰ ৰং একেবাৰে পৃথক। বিশেষজ্ঞই জনাইছে, বাদুলিৰ পৰায়ে ক’ৰোনা ভাইৰাছ সংক্ৰমণ আৰম্ভ হৈছিল। যাৰ পাছতেই বাদুলি সকলোৰে বাবে ত্রাসৰ কাৰণ হৈ পৰিছিল। ইয়াৰ পূৰ্বেও একেই প্রজাতিৰ বাদুলি দেখা গৈছিল কেৰালাত। এই প্রজাতিৰ বাদুলিয়ে সাধাৰণতে সৰু কীট পতংগ খায়। Share