নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ গুৱাহাটী–উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা দুখবৰ৷ আগন্তুক ৪ দিনৰ বাবে বন্ধ থাকিব ৰোপ–ৱে’ সেৱা৷ এই পর্যন্ত সম্পূর্ণৰূপে ঠিক হোৱা নাই কণ্ড্র’ল পেনেলৰ বিজুটি৷ যাৰ পৰিপ্রেক্ষিতত আগন্তুক ৪ দিনলৈ এই সেৱাৰ পৰা বঞ্চিত হ’ব লাগিব উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ ৰাইজ৷ উল্লেখ্য যে মুকলিৰ দুদিন পিছতে বিকল হৈছিল বহুচর্চিত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সেৱা৷ ২০০৯ চনতে আৰম্ভ হোৱা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সুদীর্ঘ ১১ বছৰ পিছত সোমবাৰে মুকলি কৰিছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ এই সেৱা মুকলিৰ দুদিন পিছতে সমীৰ দামোদৰ ৰোপ–ৱে’ প্রাইভেট লিমিটেড আৰু গৌৰবণ্টAG ছুইজাৰলেণ্ডৰ কামৰ নমুনা উদঙাই বন্ধ হৈ পৰিল ৰোপ–ৱে’ৰ চলাচল ৷ অর্থাৎ এতিয়া স্তব্দ হৈ আছে বহুচর্চিত এই সেৱা৷ ইফালে, দেশৰ ভিতৰতে দীর্ঘতম ১,৮২০ মিটাৰ দৈর্ঘ্যৰ এই ৰোপ–ৱে’ক লৈ বহু আশা কৰিছিল গুৱাহাটী–উত্তৰ গুৱাহাটীৰ ৰাইজে৷ কিন্তু ৰোপ–ৱে’ নির্মাণৰ নামত থকা প্রতিষ্ঠানৰ ভুলৰ বাবে এতিয়া দুর্ভোগ ভুগিব লগা হৈছে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ ৰাইজে৷ যাৰ বাবে এই নির্মাণকাৰী প্রতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে একাংশ লোক৷ ইফালে এই নতুন সেৱাই যাতায়াত সুচল কৰাৰ লগতে পর্যটককো আকর্ষণ কৰিব বুলি আশা প্রকাশ কৰিছিল সকলোৱে ৷ কিন্তু মুকলিৰ দুদিন পিছতে ৰোপ–ৱে’ পৰিণত হ’ল ফুটুকাৰ ফেনলৈ৷ সেয়েহে ৰোপ–ৱে’ মুকলি নোহোৱা পর্যন্ত মূল গেটৰ সন্মুখত বন্ধৰ বেনাৰ আঁৰি দায়িত্ব সামৰিছে নির্মাণকাৰী প্রতিষ্ঠানটোৱে