আজিৰে পৰা আৰম্ভ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ৰাজ্যৰ শিক্ষাখণ্ডত পুনৰ আৰম্ভ নিযুক্তি প্ৰক্ৰিয়া। উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে নিযুক্তি পত্ৰসমূহ। শংকৰদেব কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত নিয়ুক্তি পত্ৰ বিতৰণ কৰা হয়।
প্ৰথম পৰ্যায়ত ৫,৩১৫গৰাকী প্ৰাথমিক শিক্ষকক নিযুক্তি দিয়া হয়। চূড়ান্ত তালিকাত থকা প্ৰাৰ্থীসকলে https://dee.assam.gov.inৰ যোগেদি ডাউনলোড কৰিব পাৰিব তেওঁলোকৰ নিযুক্তিপত্ৰ।
এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় ৫০ হাজাৰ শিক্ষকক এই বৰ্ষত নিযুক্তি দিবলৈ কৈছিল আৰু আমি এই
লক্ষ্য ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম আৰু ১০ হাজাৰ শিক্ষকক ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি দিয়া হ’ব।হাইস্কুল টেটত উত্তীৰ্ণ শিক্ষকসকলৰ নিযুক্তি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নতুনকৈ নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক অভিনন্দন জনায়।