নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিএছকেৰ শিবিৰত ক’ৰোনাৰ আতংক; মিডিয়াম পেচাৰ দীপক চহৰকে ধৰি ১৩জন দলীয় সদস্যৰ ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ আই পি এললৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত মোক্ষম আঘাতৰ সন্মুখীন হৈছে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি সম্প্রতি ডুবাইত থকা দলটোৰ প্রায় ১৩গৰাকী সদস্য মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷

চেন্নাই ছুপাৰ কিংছৰ এটা বিশ্বাসযোগ্য সূত্রৰ উদ্ধৃতিৰে প্রকাশিত বাতৰি মতে আক্রান্তসকলৰ ভিতৰত আছে চি এছ কেৰ নির্ভৰযোগ্য মিডিয়াম পেচাৰ দীপক চহৰ৷ ধোনীৰ নেতৃত্বত বিগত প্রায় চাৰি বছৰ ধৰি নিয়মীয়াকৈ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি থকা প্রতিভাৱান মিডিয়াম পেচাৰগৰাকীৰ লগতে দলটোৰ কেইবাগৰাকীও ছাপ’ট ষ্টাফ, অফিচিয়েল আৰু তেওঁলোকৰ পৰিয়ালবর্গৰ ক’ভিড পজিটিভ পোৱা গৈছে৷

অৱশ্যে চেন্নাই ছুপাৰ কিংছে আনুষ্ঠানিকভাৱে এইপর্যন্ত ক’ৰোনাত আক্রান্ত খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ নাম প্রকাশ কৰা নাই৷ উল্লেখ্য যে আই পি এলৰ বাবে ডুবাইত উপস্থিত হোৱাৰ প্রথম, তৃতীয় আৰু ষষ্ঠ দিনা প্রতিগৰাকী খেলুৱৈ আৰু বিষয়ববীয়াৰ ক’ভিড টেষ্ট বাধ্যতামূলক কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ এই বাধ্যতামূলক ক’ভিড টেষ্টত চেন্নাই ছুপাৰ কিংছৰ প্রায় ১৩গৰাকী সদস্যৰ শৰীৰত মহামাৰী ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ ফলত দলটোৱে পুনৰ ৭ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু অনুশীলনৰ বাবে ছেপ্ঢেম্বৰৰ প্রথম সপ্তাহলৈ অপেক্ষা কৰিব লাগিব৷

মন কৰিবলগীয়া যে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটো যোৱা ২১ আগষ্টত ডুবাইত উপস্থিত হৈছিল৷ ৬ দিনৰ কোৱাৰেণ্টাইন সম্পন্ন হোৱাৰ পিছত চি এছ কেৰ খেলুৱৈসকলে আজিৰ পৰা অনুশীলনত নমাৰ কথা আছিল৷ কিন্তু ১৩গৰাকীকৈ সদস্য ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আই পি এলৰ অন্যতম সফল দলটো বিপদৰ সন্মুখীন হৈছে৷ ইফালে, চেন্নাই ছুপাৰ কিংছৰ এক সূত্রই সদৰী কৰা অনুসৰি ক’ভিডৰ পৰা পৰিত্রাণৰ বাবে তেওঁলোকে সকলো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছিল যদিও দুর্ভাগ্যজনকভাৱে কেইগৰাকীমান খেলুৱৈৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷

You might also like