নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰ বয়সৰ আৰক্ষীৰ বাবে নতুন নিয়ম…

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ   সাধাৰণতে ব্য়ক্তিগত কাৰ্যালয়ত কৰ্মচাৰীৰ কামৰ মূল্যায়ন কৰা হয়। মাহৰ শেষত এনেধৰণৰ মূল্যাংকন কৰা হয়। যদি কৰ্মচাৰী জনৰ কাম বেয়া হয় তেতিয়া তেওঁৰ চাকৰিৰ সংকট নামি আহিব পাৰে।

যদি চৰকাৰী চাকৰিত এইবোৰ নিয়ম প্ৰযোজ্য হয়! চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এতিয়া বহুত পৰিৱৰ্তন আহিছে। এতিয়া বিহাৰ আৰক্ষীয়ে এনেধৰণৰ নিয়ম প্ৰযোজ্য কৰিবলৈ বিচাৰিছে। ৫০ বছৰ বয়সৰ অধিক কৰ্মচাৰীৰৰ ওপৰত এনে ধৰণৰ নিয়ম প্ৰযোজ্য হৈছে। যদি কামত ফাঁকি দিয়ে তেতিয়া হলে সেই আৰক্ষী জনে নিজৰ চাকৰি হেৰুৱাব পাৰে।

বিহাৰ আৰক্ষীৰ মুখ্যকাৰ্যালয়ৰ পৰা এনে ধৰণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। য’ত যি কেইজন আৰক্ষীয়ে নিজৰ কৰ্মত হেমাহি কৰিব তেওঁলোকে নিজ ইচ্ছাৰে চাকৰি ত্যাগ কৰি যাব লাগিব।

আনহাতে এই সিদ্ধান্তক বিহাৰ আৰক্ষীৰ সংগঠনে তীব্ৰ সমালোচনা কৰিছে। সংগঠনটোৱে এক বিজ্ঞপ্তিত কয় যে এইটো টোগলকী সিদ্ধান্ত। এনেদৰে ৫০ বছৰৰ ওপৰৰ কৰ্মচাৰীৰক চাটাই কৰাটো মানি লব নোৱাৰি। এজন আৰক্ষীৰ লগতে তেওঁ পৰিয়ালৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব।

You might also like