৩০০ কিঃমিঃ দূৰ অতিক্ৰম কৰি ‘হোৱাটছ এপ প্ৰেমিক’ৰ সৈতে কৰিব গৈছিল বিয়া… কিন্তু !
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ এক আজৱ প্ৰেম কাহিনী। য’ত এগৰাকী প্ৰেমিকাই নিজৰ হোৱাটছ এপৰ প্ৰেমিকক বিবাহ কৰিবলৈ ৩০০ কিঃমিঃ ভ্ৰমণ কৰিলে। কিন্তু যেতিয়া প্ৰেমিকা হোৱাটছ এপ প্ৰেমিকৰ ঘৰত গৈ উপস্থিত হ’ল তেতিয়া যেন প্ৰেমিকাৰ মূৰত বিনা মেঘে ব্ৰজপাত পৰিল। কাৰণ প্ৰেমিক জন নাৱালক আছিল। কিন্তু তাৰ পিছত প্ৰেমিকাই হোৱাটছ এপ প্ৰেমিকৰ পৰিৱৰ্তে ডাঙৰ ককায়েকক বিবাহ পাশত বহিবলৈ আকোৰগোজ হৈ থাকিল।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত। শ্বাজাহপুৰৰ বাসিন্দা সবিনা। সবিনা মুছলমান সম্প্ৰদায়ৰ। সবিনাৰ মতে হোৱাটচ এপতে কানুপৰৰ পৰৌলী গাওঁৰ নিৱাসী অমিতৰ লগত চিনাকী হৈছিল। সেই চিনাকীয়ে প্ৰেমৰ ৰূপ ল’লে। যেতিয়া সবিনাই প্ৰেমিকৰ লগত বিবাহ পাশত আবদ্ধ হ’বলৈ ৩০০ কিঃমিঃ পথ খোজ কাঢ়ি গৈছিল কিন্তু কিছু হৃদয়বান লোকে সহায় কৰি বাছত পঠাই দিছিল। কিন্তু যেতিয়া অমিত নাবালক বুলি গম পালে তেতিয়া বিয়াৰ সপোন ভাঙি চূৰমাৰ হয় সবীনাৰ। সবীনাৰ বয়সতকৈ অমিত বয়সত পাঁচ বছৰ সৰু।
আনহাতে এতিয়া সবিনাই অমিতৰ ককায়েকৰ লগত বিবাহ পাশত আবদ্ধ মন কৰিছে যদিও সেইটো সিদ্ধান্ত অমিতৰ পৰিয়ালৰ ওপৰত এৰি দিছে।