ৰিয়া চক্রৱর্তীৰ হোৱাটছএপত ড্রাগছৰ সাংকেতিক নাম ‘ডাবি’–‘ব্লুবেৰী’
লাইডিটেক্টিং টেষ্টৰ সন্মুখীন হোৱাৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত দ্রুতগতিত আগবাঢ়িছে৷ কালি উপর্যুপৰি দ্বিতীয় দিনা প্রয়াত অভিনেতাজনৰ প্রেমিকা ৰিয়া চক্রৱর্তীক চি বি আয়ে মাৰাথন জেৰা চলায়৷ শুকুৰবাৰে ১০ ঘণ্টাৰো অধিক সময় চি বি আইৰ জেৰাৰ সন্মুখীন হৈছিল স্বল্পখ্যাত অভিনেত্রীগৰাকী৷
সুশান্তৰ অস্বাভাৱিক মৃত্যুৰ পিছত সন্দেহৰ আৱর্তলৈ অহা ৰিয়াৰ লগতে চি বি আয়ে জেৰা অব্যাহত ৰাখিছে তেওঁৰ ভাতৃ সৌৱিক, সুশান্তৰ সহযোগী সিদ্ধার্থ পিথানী, ৰান্ধনী নীৰজ, কেশৱ, ৰজত মেৱাতি আদিক৷ মুখ্যতঃ তেওঁলোকৰ ভাষ্যত বিসংগতি ধৰা পেলাবলৈ অগাপিছাকৈ জেৰা কৰিছে চি বি আয়ে৷ ৫ ঘণ্টা উপর্যুপৰি জেৰাৰ পিছত ৰিয়াক চিবিআইৰ তদন্তকাৰী দলে সুশান্তৰ সহযোগী ছেমুৱেল মিৰাণ্ডাৰ সৈতে একেলগে জেৰা আৰম্ভ কৰে৷ কালি নিশাপর্যন্ত মাৰাথন জেৰা অব্যাহত আছে৷
পৰহিও ৰিয়া আৰু সৌৱিকক একে সময়তে পৃথক কোঠাত জেৰা কৰা হৈছিল৷ লক্ষণীয়ভাৱে চি বি আইৰ দলটোৱে বাহৰ পাতি থকা ডিআৰডি’ৰ অতিথিশালাত আজি ৰিয়াৰ পূর্বেই উপস্থিত হয় সৌৱিক, দুই ৰান্ধনী আৰু মেৱাতি৷ চি বি আইৰ জেৰা অব্যাহত থকাৰ মাজতে ড্রাগ্ছ ব্যৱসায়ীৰে ৰিয়া আৰু সংগীসকলৰ যোগসূত্রৰ বিষয়টোৱে নতুন মোৰ লৈছে৷ আটাইকেইজনকে চি বি আয়ে ড্রাগ্ছ সেৱন আৰু ড্রাগ্ছ ব্যৱসায়ীৰে সম্পর্ক সন্দর্ভত জেৰা চলোৱাটো অৱধাৰিত হৈ পৰিছে৷
ইতিমধ্যে ঘনিষ্ঠ সূত্রই প্রকাশ কৰিছে যে ডিআৰডি’ৰ অতিথিশালাত পৰৱর্তী কেইবাদিনো ৰিয়াৰ জেৰা অব্যাহত থাকিব৷ পৰৱর্তী সময়ত লাই ডিটেক্টিং টেষ্টৰো সন্মুখীন হ’ব পাৰে ৰিয়া৷ কেৱল সেয়ে নহয়, এনফ’চ ডাইৰেক্টৰেটে (ই ডি) সুশান্তৰ বেংক একাউণ্টৰ লেনদেন সন্দর্ভত চলাই থকা তদন্ততো ৰিয়া অধিক জেৰাৰ সন্মুখীন হ’ব৷ সমান্তৰালভাৱে নেচনেল নার্ক’টিকছ ব্যুৰ’ৰ তদন্তত ৰিয়াৰ বিৰুদ্ধে ড্রাগ্ছৰ ব্যৱহাৰ আৰু মাফিয়া বা সৰবৰাহকাৰীৰে সম্পর্ক সন্দর্ভত কি তথ্য প্রকাশ পায়, সেয়াও হ’ব গুৰুত্বপূর্ণ৷
শেহতীয়াকৈ সুশান্তৰ ভগ্ণীয়ে ৰাজহুৱা কৰিছে সুশান্ত, ৰিয়া আৰু কেইজনমান সংগীৰ হোৱাটছএপ মেছেজৰ স্ক্রীন শ্বট, য’ত ড্রাগ্ছ আৰু আন নিচাযুক্ত দ্রব্যৰ ব্যৱহাৰ সন্দর্ভত কথা পতা হৈছিল৷ ৰিয়াই এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে সুশান্ত মাৰিজুৱানাৰ প্রতি আসক্ত হৈ পৰিছিল৷ তেওঁ সুশান্তক এই বদভ্যাস এৰুৱাবলৈ চেষ্টা কৰিও ব্যর্থ হোৱা বুলি ৰিয়াই দাবী কৰিছিল৷ কিন্তু ইয়াৰ পিছতে আজি হোৱাটছএপৰ স্ক্রীন শ্বট দি সুশান্তৰ ভগ্ণী শ্বেতাই কয় যে ড্রাগ্ছ সেৱনত ৰিয়ায়ো সমানে যোগ দিছিল৷
হোৱাটছএপত ড্রাগ্ছ সৰবৰাহকাৰীক ‘ডাবি’, ‘ব্লুবেৰী কুছ’ আদি বিচাৰিছিল ৰিয়াই৷ এনে সাংকেতিক নাম ব্যৱহাৰ কৰা হৈছিল পৰস্পৰৰ মাজৰ হোৱাটছএপ বার্তাতো৷ শ্বেতাৰ দাবী– ৰিয়াৰ বদ্সংগৰ ফলতেই নিচাৰ প্রতি আসক্ত হৈছিল সুশান্ত৷ নার্ক’টিকছ ব্যুৰ’য়ো ৰিয়া আৰু আনসকলৰ তেজ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে ড্রাগ্ছ সেৱনৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে৷
এই অভিযোগৰ সত্যতা প্রমাণ হ’লে ১০ বছৰ পর্যন্ত জে’ল হ’ব পাৰে৷ এক সূত্রৰ মতে, সুশান্ত বিভিন্ন ধৰণৰ নিচা যেনে– মাৰিজুৱানা, গাঞ্জা আদিৰ প্রতি আসক্ত আছিল, য’ত সহযোগ কৰিছিল ৰিয়ায়ো৷ ব্লুবেৰী, ডাবি আদি হ’ল এই নিচাযুক্ত দ্রব্য সুমুওৱা চিগাৰেট৷ নার্ক’টিকছ ব্যুৰ’–এ হোৱাটছএপ মেছেজ আৰু আন তথ্যৰ সহায়ত ৰিয়া, সুশান্ত আৰু সংগীসকলে ব্যৱহাৰ কৰা ড্রাগ্ছৰ এখন তালিকাও প্রস্তুত কৰি উলিয়াইছে৷