নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মণঝুলাত উলংগ ভিডিঅ’: গ্রেপ্তাৰ ফ্রান্সৰ মহিলা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ তীর্থস্থান ঋষিকেশৰ পৱিত্র লক্ষ্মণঝুলা দলঙত উলংঘ হৈ ভিডিঅ’ কৰা এগৰাকী ফ্রান্সৰ মহিলাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ফ্রান্সৰ মহিলাগৰাকীয়ে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্রচাৰ কৰাৰ লগে লগে সৃষ্টি হোৱা প্রতিক্রিয়াৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ইণ্টাৰনেট আইনৰ অধীনত মহিলাগৰাকীক গ্রেপ্তাৰ কৰিছে৷

তথ্য মতে, মহিলাগৰাকী দোষী সাব্যস্ত হ’লে তিনি বছৰ কাৰাদণ্ড বিহিব লাগিব৷ গুৰুত্বপূর্ণ যে ঋষিকেশৰ তীর্থস্থানত গংগা নদীৰ ওপৰত থকা লক্ষ্মণঝুলাক পৱিত্র জ্ঞান কৰা হয় আৰু ই হৈছে পর্যটকৰ বাবে অতি আকর্ষণীয় স্থলী৷ এই পৱিত্র দলংখনত উলংগ ভিডি’ কৰাটো মহিলাগৰাকীৰ অপৰাধ বুলি ছ’চিয়েল মিডিয়াত প্রতিক্রিয়া হৈছে৷ ঋষিকেশৰ আৰক্ষী বিষয়া আৰ কে ছাকলানীয়ে প্রকাশ কৰা মতে, মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ পিছত জামিনত মুক্তি দিয়া হৈছে৷ উল্লেখ্য যে ইতিহাস মতে ভগৱান ৰামে পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে গংগাৰ এই স্থানেৰে নদীখন পাৰ হৈছিল আৰু তেওঁলোকৰ স্মৃতিতেই এই দলংখন নির্মাণ কৰা হৈছে৷

You might also like