নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছৰ পৰা ঘৰলৈ উভতিল গৃহমন্ত্রী শ্বাহ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ সুস্থ হৈ উঠাৰ পিছত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতে৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টত শ্বাস–প্রশ্বাসজনিত অসুবিধা পোৱাত এইমছত ভর্তি হৈছিল গৃহমন্ত্রীগৰাকী৷ যোৱা ২৯ আগষ্টত এইমছে বিবৃতিযোগে গৃহমন্ত্রী শ্বাহ সুস্থ হোৱা বুলি উল্লেখ কৰি শীঘ্রে চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ সেইমর্মে দুদিন পিছত কালি  গৃহমন্ত্রী শ্বাহক ঘৰলৈ যাবলৈ দিয়া হৈছে৷ তাৎপর্যপূর্ণ যে ইয়াৰ পূর্বে গৃহমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ত আক্রান্ত হৈ মেদান্ত চিটীত চিকিৎসাধীন হৈছিল আৰু ১৪ আগষ্টত সুস্থ হৈ ঘৰলৈ উভতিছিল৷

You might also like