নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ক’ৰোনা সংক্রমণৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি হৈ থকাৰ পিছতো যেন সচেতন হোৱা নাই একাংশ লোক৷ মাস্ক পৰিধান নকৰা, সামাজিক দূৰত্বৰ নিয়ম উলংঘা কৰা আদি কার্যৰে পুনৰ এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বহু স্থানত৷ তেনে পৰিৱেশ আজি দেখিবলৈ পোৱা গ’ল চন্দ্রপুৰ আধাৰ কেন্দ্রত৷ প্রশাসনৰ নির্দেশক বুঢ়া আঙুলি দেখুৱাই নিজৰ আধাৰ কার্ডখন বনাবলৈ আজি প্রায় দুই শতাধিক লোকৰ সমাৱেশ দেখা গ’ল৷ প্রত্যক্ষ কৰা মতে, কার্যালয় খোলাৰ পূর্বেই অর্থাৎ পুৱা ৮ বজাৰ আগৰে পৰা দীঘলীয়া শাৰী দেখা গ’ল আধাৰ কেন্দ্রৰ প্রাংগণত৷ উপস্থিত লোকসকলৰ ভিতৰত মাস্ক পৰিধান নকৰাৰ লগতে গাত গা লগাই থিয় দি থকাত ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ আশংকা দেখা গৈছে৷ আনকি বহু মহিলাই কোলাত কেঁচুৱা লৈ সামাজিক দূৰত্বৰ নিয়ম উলংঘা কৰি বহু সময় ধৰি ৰৈ থকাৰ ফলত কেঁচুৱাকেইটাৰ ক্ষেত্রতো ভয়লগা হৈছে যদিও কাণসাৰ নাই সেইসকল লোকৰ৷ ইফালে, জানিব পৰা মতে, সংশ্লিষ্ট কর্তৃপক্ষই দৈনিক ২০ৰ পৰা ৩০টাকৈ আধাৰ কার্ডৰ কাম কৰাৰ বাবে কুপনৰ ব্যৱস্থা কৰিছে যদিও শ শ লোকৰ এনে সমাগমে চন্দ্রপুৰত ক’ৰোনাৰ গণ সংক্রমণৰ আশংকা প্রকট হৈছে৷ স্মর্তব্য যে শেহতীয়াকৈ চন্দ্রপুৰত বহুসংখ্যক লোকৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰিছে আৰু বর্তমানেও চিকিৎসাধীন হৈ আছে একাধিক আক্রান্ত৷