নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ মজছিদৰ নক্সা আঁকিব জামিয়া মিলিয়া ইছলামীয়াৰ অধ্যাপকে

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজনৰ পিছতে আৰম্ভ হবলৈ গৈ আছে আন এক ধৰ্মীয় অনুষ্ঠান মছজিদ নিৰ্মাণৰ কাম। মছজিদ নিৰ্মাণৰ প্ৰস্তুতি মৰ্মে মছজিদৰ নক্সা তৈয়াৰ কৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়াৰ স্থাপত্যবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক এছ এম আখতাৰে।

উচ্চতম ন্যায়ালয়ে ছুন্নী বোৰ্ডক অযোধ্যাৰ ধন্নীপুৰত দিয়া ৫ একৰ ভূমিত নিৰ্মাণ কৰিবলগীয়া মছজিদ নিৰ্মাণৰ বাবে ইতিমধ্যে ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচন নামৰ এক ন্যাসো গঠন কৰা হৈছে। নক্সা নিৰ্মাণৰ দায়িত্ব লাভ কৰি নিজকে সুখী বুলি ভবা অধ্যাপক এছ এম আখতাৰে কয় যে ভাৰতীয় সংস্কৃতি আৰু ইছলামীয় আধ্যাত্মিকতাক মানৱীয় দৰ্শনৰ আলোকেৰে তুলি ধৰাৰ চেষ্টা চলোৱা হব এই নক্সাৰ মাজেৰে।

তেওঁ লগতে কয় যে তেওঁ পঢ়োৱা প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে বিশ্বৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই আছে। এইক্ষেত্ৰত তেওঁলোকৰ পৰাও সহায়-সহযোগিতা লাভ কৰাৰ আশা কৰা হৈছে।

You might also like