নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PUBGকে ধৰি ১১৮টা এপ নিষিদ্ধ কৰিলে চৰকাৰে, চীনৰ বিৰুদ্ধে পুনৰ ডিজিটেল ষ্ট্ৰাইক

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰে চীনা মোবাইল এপৰ বিৰুদ্ধে পুনৰ আৰম্ভ কৰিলে ডিজিটেল ষ্ট্ৰাইক। এই ষ্ট্ৰাইক অনুযায়ী এতিয়া ভাৰতত নিষিদ্ধ হ’ল যুৱ প্ৰজন্মৰ মাজত অতিকে জনপ্ৰিয় গেমিং এপ পাবজিকে ধৰি ১১৮টা এপ।

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ধাৰা ৬৯ অনুযায়ী এনে ১১৮টা মোবাইল এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মন্ত্ৰালয়ে উল্লেখ কৰে যে বহু অভিযোগৰ পৰিপ্ৰেক্ষিতত এই এপসমূহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই এপসমূহ ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ভাবুকি আছিল।

You might also like