চন্দ্রপুৰত ওলমি আছে বিদ্যুৎ তাঁৰঃ দুর্ঘটনাৰ আশংকা
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে ভয়ংকৰ বিপদ অথবা দুর্ঘটনাৰ আশংকাত ভুগিছে ২নং চন্দ্রপুৰ গাঁৱৰ বাসিন্দা৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বিভাগটোৰ দায়িত্বহীনতাৰ আঁৰত হেমাহিৰ বাবে আকস্মিক অঘটনৰ ফলত বহু ধন–জনৰ হানিকাৰক ঘটনা সংঘটিত হ’ব পাৰে৷ উল্লেখ্য যে অঞ্চলটোৰ কালী মন্দিৰৰ সমীপেৰে যোৱা এটা উপ–পথৰ দাঁতিৰে কেইবছৰমান পূর্বে ৰাজীৱ গান্ধী বিদ্যুতীকৰণ আঁচনিৰ জৰিয়তে বিদ্যুৎ সেৱাৰ ব্যৱস্থা কৰে৷ ভালেমান বছৰ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ থকা অঞ্চলবাসীয়ে ইয়াৰ দ্বাৰা স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও শেহতীয়া পৰিস্থিতিয়ে চিন্তিত হৈ পৰিছে অঞ্চলবাসী৷ সেই উপ–পথটোৰে যোৱা বিদ্যুৎ সেৱাৰ প্রায় খুঁটাসমূহ হাউলি পৰাৰ লগতে বিদ্যুৎ তাঁৰকেইডাল একেবাৰে তললৈ নামি পৰিছে৷ কেইবাটাও স্থানত দেখিবলৈ পোৱা মতে, তাঁৰকেইডাল পথৰ পৰা ৫–৬ ফুট নিলগলৈ নামি আহিছে৷ ফলত পথচাৰীসকল যিকোনো মুহূর্তত বিদ্যুৎস্পৃষ্ট হোৱাৰ ভয়ংকৰ আশংকা প্রকট হৈ আছে৷ তদুপৰি হাউলি থকা তাঁৰৰ কেইবাটাও স্থানত হাবিয়ে আৱৰি ধৰাত গৰু–ছাগলীৰ ক্ষেত্রতো ভয়ংকৰ হৈ পৰিছে৷ দুই–এটা খুঁটা স্থানীয় ৰাইজে ভেঁজা দি ৰাখিছে যদিও ধুমুহাৰ বতৰত বাগৰি পৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ আনহাতে খুঁটাকেইটা অতি পাতলকৈ দিয়া বাবে বহু স্থানলৈ বাঁহৰ খুঁটা ব্যৱহাৰ কৰিও বিদ্যুৎ সংযোগ ল’বলগীয়া অৱস্থা দেখিবলৈ পোৱা গৈছে৷ বিগত ২–৩ বছৰি ধৰি এনেদৰে বিপজ্জনকভাৱে ওলমি থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷