এইবাৰ আকাশত উৰিব গাড়ী! সফল হ’ল উড়ন্ত গাড়ীৰ ‘ট্রায়েল ৰাইড’
নিয়মীয়া বাৰ্তা, ৩ ছেপ্তেম্বৰঃ এইবাৰ আকাশত উৰিব গাড়ী! সম্প্রতি জাপানত সফলতাৰে পৰীক্ষামূলক ভাবে এই ফ্লাইং কাৰৰ ‘ট্রায়েল ৰাইড’ সম্পন্ন হৈছে। বিশ্বৰ একাধিক দেশৰ বহু কেইটা সংস্থাই এই ধৰণৰ উড়ন্ত গাড়ীৰ মডেল বা প্রটোটাইপ তৈয়াৰ কৰিছে। কিন্তু জাপানেই হৈছে একমাত্ৰ দেশ যিয়ে প্রথমবাৰৰ বাবে সফলতাৰে এনেধৰণৰ ‘ট্রায়েল ৰাইড’ সম্পন্ন কৰিছে।
এই প্রকল্পত জাপানৰ SkyDrive Inc সংস্থাৰ সৈতে আন বহুকেইটা সংস্থাই অংশ লৈছিল বুলি জনা গৈছে।
জনা গৈছে, ‘ট্রায়েল ৰাইড’-ত এই কাৰে মাটিৰ পৰা বহু ফুট উচ্চতাত উৰিবলৈ সক্ষম হৈছে। সংস্থাটোৰ আশা, ২০২৩ চনৰ ভিতৰতে হয়তো এই ফ্লাইং কাৰ বাণিজ্যিক ভাবে বজাৰলৈ অনা হ’ব।