নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশ্চৰ্য! আকাশৰ পৰা সৰি পৰা এটুকুৰা শিলৰ দাম উঠিল ১৯ লাখলৈ…

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ উল্কা সৰি পৰা সকলোৱে দেখিছে। অন্ধবিশ্বাসবশতঃ ইয়াক পপীয়া তৰা বুলিও কয় বহুতে। সাধাৰণতে পৃথিৱী স্পৰ্শ নকৰাকৈ জ্বলি শেষ হৈ যায় যদিও মাজে মাজে বৃহদাকাৰৰ উল্কাৰ অৱশেষ পৃথিৱীত পৰে। বৈজ্ঞানিক মূল্যৰ বাহিৰে ইয়াৰ বিশেষ মূল্য নাথাকে।

কিন্তু যোৱা ১৯ আগষ্টত আকাশৰ পৰা সৰি পৰা এনে উল্কাপিণ্ডই ধনী কৰিলে ব্ৰাজিলৰ এখন গাঁৱক। ছাণ্টা ফিলোমেনা নামৰ গাঁওখনত উক্ত দিনা শতাধিক উল্কাপিণ্ডৰ অৱশেষ বৰষুণৰ দৰে সৰি পৰে। প্ৰথমাৱস্থাত এই উল্কাপিণ্ডক বিশেষ মূল্যৱান বুলি ভবা নাছিল যদিও পিছলৈ বিজ্ঞানীৰ পৰা গাঁওবাসীয়ে এয়া মহামূল্যবান উল্কাপিণ্ড বুলি জানিব পাৰি তেওঁলোকে ইয়াৰ বিক্ৰীমূল্য আদায় কৰাত নামি পৰে।

সেই অনুযায়ী সকলোৱে হাজাৰৰ পৰা লাখলৈ আয় কৰিবলৈ সক্ষম হৈছে উল্কাপিণ্ডৰ পৰা। ৪০ কিলোগ্ৰাম ওজনৰ এটা উল্কাপিণ্ডৰ মূল্য ১৯ লাখলৈ উঠা দেখা গৈছে, যিটো মূল্য এগৰাকী লোকে উক্ত ঠাইত ১০ বছৰ কোনো কোম্পানীত চাকৰি কৰি লাভ কৰিব পাৰে। গতিকে ই অতি মূল্যৱান ৰূপে পৰিগণিত হৈছে ব্ৰাজিলৰ উক্ত গাঁওখনত।

কিয় মূল্যৱান এই উল্কাপিণ্ড

প্ৰায় ৪.৬ বিলিয়ন পুৰণি বুলি ধাৰণা কৰা হৈছে এই উল্কাপিণ্ড। চাও পাওলো বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকৰ মতে এই উল্কাপিণ্ডৰ বয়স সৌৰমণ্ডল নিৰ্মাণৰ সমসাময়িক। গতিকে ইয়াৰ জৰিয়তে ব্ৰহ্মাণ্ড সৃষ্টিৰ বহু ৰহস্য ভেদ হোৱাৰ সম্ভাৱনা আছে। গৱেষকগৰাকীয়ে লগতে জনায় যে এই উল্কাপিণ্ড যথেষ্ট দুৰ্লভ।

ব্ৰাজিলৰ উক্ত গাঁওবাসীৰ মতে ভগৱানে যেতিযা দিয়ে মনোকামনা পূৰণ কৰি দিয়ে। ক’ৰোনাকালীন দুৰ্দশাৰ মাজত এনে মহামূল্যৱান উল্কাবৃষ্টিত অতি সুখী গাঁওবাসী। এৰাতিতে ধনী হোৱা এই গাওঁবাসীৰ খবৰ পাই দূৰ অঞ্চলৰ লোকৰো আগমন হৈছে উল্কা সৰি পৰা ঠাইলৈ, কিজানি কোনো অজ্ঞাত স্থানত পৰি আছেই এনে উল্কা। কিন্তু বিক্ৰীমূল্য থকা উল্কাপিণ্ড উদ্ধাৰত কোনো বিদেশী লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে গাঁওবাসীয়ে।

You might also like