ডাম্পিং গ্রাউণ্ডত পৰিণত বৰছলা বিল
ধোঁৱাচাঙত স্মার্টচিটী প্রকল্পঃ মেটেকা–আৱর্জনাৰে ভৰিছে জলাশয়
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ স্মার্টচিটীৰ অধীনত ন–ৰূপ দিব বিচৰা গুৱাহাটী মহানগৰীৰ একাংশ প্রকল্প সম্প্রতি ধোঁৱাচাঙত উঠিছে৷ সময়ৰ গতিত কেন্দ্রীয় চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অধীনত উন্নীত কৰিব বিচৰা স্মার্টচিটীৰ প্রকল্পসমূহ ক্রমাৎ বুমেৰাং হৈ পৰিছে৷ গুৱাহাটী মহানগৰীত স্মার্টচিটী প্রকল্পৰ অধীনত ন–ৰূপ দিব বিচৰা প্রায়ভাগ আঁচনিৰ কাম আজিও আৰম্ভ হোৱা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ স্মার্টচিটীৰ অধীনত অন্যতম পর্যটনস্থলীৰূপে গঢ়ি তুলিব বিচৰা মহানগৰীৰ বৰছলা বিল সম্প্রতি ডাম্পিং গ্রাউণ্ডত পৰিণত হৈছে৷ বিভাগীয় কর্তৃপক্ষৰ চৰম হেমাহি আৰু আওকণীয়া মনোভাবৰ বাবে বৰছলা বিলৰ পানী প্রদূষিত হৈ পৰিছে৷ তদুপৰি, বিলৰ অধিকাংশ ঠাই মেটেকাৰে ভৰি পৰিছে৷ একাংশ লোকে পেলনীয়া আৱর্জনা আৰু প্লাষ্টিকৰ বটলৰ লগতে অন্যান্য সামগ্রী পেলাই বৰছলা বিল একপ্রকাৰ পুতি পেলোৱা পৰিলক্ষিত হৈছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ ইপিনে, বৰছলা বিলৰ চৌপাশৰ দেৱাল ভাঙি জৰাজীর্ণ হৈ পৰিছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিলৰ চৌপাশে থকা পদপথ জহি–খহি যোৱাত বিলৰ চৌপাশ কদর্য হৈ পৰিছে৷ বিলৰ প্রদূষিত পানীৰ পৰা নির্গত হোৱা দুর্গন্ধই সমগ্র চাবিপুল অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিছে৷ উল্লেখ্য যে ২০১৫ চনত কেন্দ্রীয় চৰকাৰৰ নগৰ উন্নয়ন বিভাগে স্মার্টচিটীৰ অধীনত বৰছলা বিল উন্নয়নৰ বাবে ২১২ কোটি টকা ধার্য কৰিছিল৷ কিন্তু সময়ৰ গতিত এই প্রকল্প ৰজাঘৰীয়া ফাইলতে আবদ্ধ থকা পৰিলক্ষিত হৈছে৷ মন কৰিবলগীয়া কথা এই যে মহানগৰীৰ জু–ৰোড, মধ্য গুৱাহাটী, চানমাৰি, শিলপুখুৰী আৰু গীতা নগৰকে ধৰি মহানগৰীৰ অন্যান্য কেইবাটাও স্থানৰ পানী বৰছলাত পৰে৷ বৰছলাৰ পৰা এই পানী ভৰলুত পৰি পিছত ভৰলুৰ পৰা ব্রহ্মপুত্রত মিলিত হয়৷ সেয়েহে স্থানীয় ৰাইজে বৰছলা বিল উন্নয়নৰ ক্ষেত্রত চৰকাৰ–প্রশাসনক শীঘ্রে ব্যৱস্থা গ্রহণৰ বাবে আহ্বান জনাইছে৷