নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দলউড ড্রাগছ ৰেকেটঃ অভিনেত্রী ৰাগিণীক ৫ দিনৰ আৰক্ষী জিম্মাত

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ বহুচর্চিত চন্দলউড ড্রাগছ ৰেকেটৰ সৈতে জড়িত থকা কানাড়া অভিনেত্রী ৰাগিণী দ্বিবেদীক পুনৰ ৫ দিনৰ আৰক্ষী জিম্মাত দিছে বাংগালুৰু আদালতে৷ উল্লেখ্য যে উক্ত ড্রাগছ ৰেকেটৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা ৪ ছেপ্টেম্বৰত গ্রেপ্তাৰ কৰা অভিনেত্রী ৰাগিণীক  আদালতত হাজিৰ কৰাৰ পিছত চেণ্ট্ৰেল ক্রাইম ব্রাঞ্চ (চিচিবি)ৰ অনুৰোধত আদালতে অভিনেত্রীগৰাকীৰ আৰক্ষীৰ জিম্মা ৫ দিনলৈ সম্প্রসাৰণ কৰে৷ অভিনেত্রী ৰাগিণীৰ সৈতে এই বছৰত আন ৫জন লোককো গ্রেপ্তাৰ কৰা হৈছে৷

মন কৰিবলগীয়া যে ড্রাগছ ৰেকেটৰ সৈতে জড়িত অভিনেত্রী ৰাগিণীয়ে ৪ ছেপ্টেম্বৰত অন্তর্ৱর্তীকালীন জামিনৰ আবেদন কৰিছিল যদিও উক্ত দিনাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত সেই আবেদন উঠাই লয়৷ আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত সন্দীপ পাটিলে প্রকাশ কৰা মতে ৰাগিণীসহ ৫জনক গ্রেপ্তাৰৰ পিছত পুনৰ আন এজনক গ্রেপ্তাৰ কৰা হৈছে৷

কেৰালাৰ পৰা নিয়াজ নামৰ লোকজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইয়াকে লৈ চিচিবিয়ে ১২ অভিযুক্তৰ ভিতৰত ৬জনক গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰাকেইজনৰ ভিতৰত ৰবি শংকৰ, ৰাহুল, বীৰেন খান্না আৰু এজন আফ্রিকাৰ ব্যৱসায়ী আছে৷

You might also like