উজান বজাৰৰ মাছ ব্যৱসায়ী–গ্রাহকৰ মাজত মাস্ক বিতৰণ অসম অলিম্পিক সন্থাৰ
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ জগিং কৰা আৰু খোজকঢ়া লোকসকলৰ মাজত ক’ৰোনা ভাইৰাছ সম্পর্কত সচেতনতা বৃদ্ধিৰ বাবে অসম অলিম্পিক সন্থাই গুৱাহাটীৰ লতাশিল পইণ্টৰ দীঘলীপুখুৰীৰ পাৰত মঙলবাৰে পুৱা এক বিশেষ কার্যসূচী গ্রহণ কৰে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত আই পি এছ মুন্না প্রসাদ গুপ্তাই এই জনসচেতনতা কার্যসূচী উদ্বোধন কৰি কয় যে ক’ৰোনা ভাইৰাছৰ ভেকচিন নোলোৱাপর্যন্ত হাত ধুই, মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব বজাই ৰাখি আমি এই মহামাৰীৰ পৰা বাচি থাকিব লাগিব৷
অসম চৰকাৰৰে ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে বর্তমান গ্রহণ কৰা নীতি–নিয়মৰ শলাগ লৈ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে যোৱা দুমাহত মহানগৰ আৰক্ষীয়ে মাস্ক নিপিন্ধা লোকৰ পৰা ১৪ লাখ টকাৰ জৰিমনা সংগ্রহ কৰিছে৷
আনহাতে, অসম অলিম্পিক সন্থাই উজান বজাৰস্থিত মাছ বজাৰৰ ক্রেতা আৰু বিক্রেতাসকলৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে সজাগতা বৃদ্ধি কৰে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত তথা সন্থাৰ মিডিয়া কমিটীৰ অধ্যক্ষ ৰাজীৱ প্রকাশ বৰুৱা আৰু সন্থাৰ ক’ৰ কমিটীৰ সদস্য প্রণয় বৰদলৈৰ প্রচেষ্টাত এই সচেতনতা কার্যসূচী আয়োজিত হয়৷ উজান বজাৰস্থিত মাছ বজাৰৰ ক্রেতা আৰু বিক্রেতাসকলে সামাজিক দূৰত্ব বজাই নৰখা বাবে আৰু মাস্ক পৰিধান নকৰাৰ বাবে আশ্চর্য প্রকাশ কৰে ৰাজীৱ প্রকাশ বৰুৱাই৷
ইফালে, দিনক দিনে ক’ৰোনা ৰোগীৰ সংখ্যা বাঢ়ি অহাৰ প্রতি লক্ষ্য ৰাখি মানুহক সচেতন কৰিবলৈ অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱাল আৰু সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত এই কার্যসূচী গ্রহণ কৰা হৈছে বুলি কয় প্রণয় বৰদলৈয়ে৷ এই কার্যসূচীত অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া বিষ্ণুৰাম নুনিছা, অনুপ চৌধুৰী, ভৱজ্যোতি গোস্বামী, উপেন চক্রৱর্তী, হীৰেণ গগৈ, আলোক ত্রিপাঠী আৰু সন্থাৰ চি ই অ’ গৌতম চৌধুৰী উপস্থিত থাকে৷