নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ ক’ভিড–১৯ সংকটৰ মাজতে আগন্তুক বিহাৰ বিধানসভা নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে কুচকাৱাজ৷ বিধানসভা নির্বাচনত এইবাৰ আৰ জে ডি নেতা লালুপ্রসাদ যাদৱৰ পৰিয়ালৰ সদস্যৰ মাজতেই পৰস্পৰৰ বিৰুদ্ধে প্রতিদ্বন্দ্বী থিয় হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ নেতাগৰাকীৰ জ্যেষ্ঠ পুত্র তেজপ্রতাপ যাদৱৰ বিদ্রোহী পত্নী ঐশ্বর্য ৰায়ে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷
তেজপ্রতাপ যাদৱৰ পৰা দীর্ঘদিন ধৰি আঁতৰি আছে ঐশ্বর্য ৰায়৷ এইবাৰ নির্বাচনত তেজপ্রতাপৰ বিৰুদ্ধে ঐশ্বর্য ৰায়ে প্রতিদ্বন্দ্বিতা কৰিব পাৰে৷ ঐশ্বর্য ৰায়ৰ পিতৃ চন্দ্রিকা ৰায়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেওঁৰ দুহিতাই আগন্তুক বিধানসভা নির্বাচনত তেজপ্রতাপৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷
উল্লেখনীয় যে যোৱা বিধানসভা নির্বাচনত আৰ জে ডিৰ প্রার্থী হিচাপে চন্দ্রিকা ৰায়ে বিজয় সাব্যস্ত কৰিছিল৷ কিন্তু শেহতীয়াকৈ তেওঁৰ কন্যাই যি সিদ্ধান্ত লয়, তাত তেওঁৰ সমর্থন থাকিব বুলি সাক্ষাৎকাৰটোত ইংগিত দিছে৷