নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কুশল দাস বাহিনীয়ে ৰডেৰে কোবাই মুৰ ফালিলে ৰাজদ্বীপ দাস নামৰ এজন বালি ব্যৱসায়ীক । আহত বালি ব্যৱসায়ী ৰাজদ্বীপ দাসৰ ঘৰ হল পলাশবাৰী সমষ্টিৰ তেজপুৰত । উল্লেখ্য যে বালি মাফিয়া আৰু একাংশ বন বিষয়াই মিলি ভকত হৈ দিৰ্ঘদিন ধৰি চলাই আহিছে বালিৰ চিণ্ডিকেট । কিন্তু কেতিয়াবা কেতিয়াবা অংক নিমিলিলেই দুয়ো পক্ষৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয় । যোৱা নিশা বামুণীগাঁৱৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কুশল দাসে দেখুৱাই দিলে বন বিভাগৰ গুণ্ডাৰাজ ।
অভিযোগ অনুসৰি কুশল দাস বাহিনীয়ে বালি ব্যৱসায়ীৰ পৰা মাহিলী ধন নোপোৱাৰ বাবেই বালি ব্যৱসায়ীৰ মুৰ ফালি দেখুৱাই দিলে গুণ্ডাৰাজৰ পৰিচয় । ঘটনাৰ জানিবপৰামতে যোৱা নিশা বালি ব্যৱসায়ী ৰাজদ্বীপ দাস ওৰফে বাবুৰ বালি ট্ৰাকৰ মাহিলী ধন আদায় নোপোৱাৰ বাবেই ছয়গাঁৱৰ গুমিপথৰ পৰা এ এছ ০১ এ এ ৩৯৮৫ নম্বৰৰ চালানবিহীন বালিৰ ট্ৰাক খন জব্দ কৰি বামুনীগাঁৱস্থিত কাৰ্যালয়লৈ লৈ আহিছিল । পিছে পিছে ট্ৰাকৰ মালিক ৰাজদ্বীপে গৈ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পিছতে গেটৰ দুৱাৰ বন্ধ কৰি লৈ ৰেঞ্জাৰ কুশল দাস বাহিনীয়ে ৰড,কাঠৰ টুকুৰা-লাঠি আদিৰে উপৰ্য্যুপৰি আক্ৰমণ কৰে ৰাজদ্বীপ দাসক ।
তাৰ মাজতেই কোনো মতে পলাইহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৰাজদ্বীপে । উল্লেখ্য যে বন বিভাগৰ আক্ৰামণৰ ফলত ৰাজদ্বীপ গুৰুতৰ ভাবে আহত হৈ হাস্পতালত চিকিৎসাধীন হয় লগতে মুৰত কেবাটাও চিলাই দিয়া হয় জানিব পৰা গৈছে । অভিযোগ অনুসৰি মাহিলী ধন দিয়াত দেৰি হোৱাৰ বাবে বন বিষয়া জনে এইদৰে আক্ৰমণৰ চেষ্টা চলাই বুলি জানিব পৰা গৈছে । অৱশেষত উপায়ন্তৰ হৈ ৰাজদ্বীপে ৰেঞ্জাৰ কুশল দাস বাহিনীৰ বিৰুদ্ধে ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে । আনহাতে, বনাঞ্চলিক বিষয়া কুশল দাসে গুণ্ডাৰাজ চলোৱােৰ পিছৰে পৰা আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত বন মন্ত্রীয়ে বন বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হব নে সেয়া সময়তহে হব লক্ষণীয় ।