শীঘ্রে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি হ’ব লিকুইড অক্সিজেন টেংক
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যত এতিয়া দ্রুত হাৰত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ যাৰ বাবে চিকিৎসালয়সমূহত আই চি ইউৰ লগতে অক্সিজেনৰ নাটনি হ’ব৷ এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰাবলৈ স্বাস্থ্য বিভাগে পদক্ষেপ গ্রহণ কৰিছে৷
শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) দুটা স্থানত নির্মাণ কৰি থকা হৈছে লিকুইড অক্সিজেন টেংক৷ এই টেংক দুটা নির্মাণ হ’লেই জি এম চি এইচত গুৰুতৰভাৱে ক’ৰোনাত আক্রান্ত হৈ থকা ৰোগীয়ে সহজে লাভ কৰিব অক্সিজেন৷ জি এম চি এইচৰ চৌহদত এটা আৰু জি এম চি এইচৰ ক’ভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে আনটো লিকুইড অক্সিজেন টেংক৷ এই অক্সিজেন টেংকৰ জৰিয়তে নির্দিষ্ট পাইপৰ দ্বাৰা চিকিৎসালয়খনৰ আই চি ইউৰ প্রতিটো ৱার্ডতে অক্সিজেন যোগান সম্ভৱ হৈ পৰিব৷ অর্থাৎ এতিয়াৰে পৰা চিলিণ্ডাৰৰ বিপৰীতে পাইপৰ জৰিয়তেহে ৰোগীয়ে লাভ কৰিব অক্সিজেন৷
উল্লেখ্য যে এই অক্সিজেনৰ এটা টেংকত থাকিব ৩০খনকৈ ট্রাকৰ গেছ৷ অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰাৰ সম্ভাৱনা আছে৷