নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দেশত প্রতিদিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই নতুন অভিলেখ গঢ়ি আছে৷ আনলক–৪.০ আৰম্ভ হোৱাৰ পৰাই অর্থাৎ ১ ছেপ্টেম্বৰৰ পৰাই শনিবাৰলৈকে প্রতিদিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই নতুন নতুন অনাকাংক্ষিত অভিলেখ গঢ়িছে৷
কালিৰ দিনটোত সর্বাধিক ৯৭,৫৭০জন মহামাৰী ভাইৰাছত আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ৪৭ লাখলৈ বৃদ্ধি পাইছে৷ আনপিনে বিগত ১০ দিন ধৰি প্রতিদিনে সহস্রাধিক লোকে প্রাণ হেৰুৱাই আছে৷ যোৱা ২৪ ঘণ্টাত ১,২০১জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৭৭,৪২৭লৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পালেও দেশত সুস্থতাৰ হাৰো বৃদ্ধি পাই আছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক ৮১,৫৫৩জন সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৩৬ লাখ অতিক্রম কৰিছে৷ দেশত সুস্থতাৰ হাৰ ৭৭.৭৭ শতাংশলৈ বৃদ্ধি পাইছে৷ এনেদৰে মৃতকৰ সংখ্যা বৃদ্ধি পালেও আক্রান্তৰ তুলনাত মৃতকৰ হাৰ পৃথিৱীৰ ভিতৰতে দেশখনত সর্বনিম্ন৷ মৃতকৰ হাৰ ১.৬ শতাংশ৷
তাৎপর্যপূর্ণ যে ২০টা বান্দৰক চাৰিটাকৈ বিভক্ত কৰি ক’ভাক্সিনৰ দুটাকৈ ড’জ প্রদান কৰা হৈছিল৷ ইপিনে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত ক’ভিড–১৯ যুঁজক লৈ আন্তর্জাতিক সহযোগিতাৰ প্রস্তাৱত ভাৰতে সমর্থন জনাইছে৷ ৰাষ্ট্রসংঘৰ এই প্রস্তাৱত ভাৰতসহ ১৬৮খন দেশে সমর্থন জনাইছে৷ অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্রই এই প্রস্তাৱৰ বিৰোধিতা কৰিছে৷