পাঞ্জাবাৰীৰ নামঘৰ পথত সুৰাৰ মুকলি আড্ডা
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ স্মার্ট চিটীৰ দিশে অগ্রসৰ হোৱা গুৱাহাটী মহানগৰী এশ এবুৰি সমস্যাৰে জর্জৰিত৷ ক’ৰোবাত যদি কৃত্রিম বানৰ সমস্যা আন ক’ৰোবাত আকৌ বিধ্বস্ত বাট–পথ আৰু ষ্ট্রীট লাইটৰ সমস্যা৷ উল্লেখ্য যে মহানগৰীৰ পাঞ্জাবাৰী নগৰবস্তি, নামঘৰ পথৰ ১নং উপপথ আৰু ২নং উপপথত ষ্ট্রীট লাইটৰ সু–ব্যৱস্থা নাই৷
এই সমস্যা সন্দর্ভত নামঘৰ পথৰ স্থানীয় নাগৰিক অনিমা কুমাৰে অভিযোগ কৰি কয় যে ৰাজধানী দিছপুৰৰ গাতে লাগি থকা অতি গুৰুত্বপূর্ণ অঞ্চল হ’ল পাঞ্জাবাৰীৰ নামঘৰ পথ আৰু নগৰবস্তি অঞ্চল৷ কিন্তু অতি পৰিতাপৰ কথা যে ঘনবসতিৰ এই অঞ্চলৰ লোকসকলে চৰকাৰী সকলো ধৰণৰ সা–সুবিধাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে৷ দুই শতাধিক পৰিয়ালে বসবাস কৰা এই অঞ্চলত নাই ষ্ট্রীট লাইটৰ কোনো ধৰণৰ ব্যৱস্থা৷
কিয়নো অন্ধকাৰৰ সুযোগ লৈ একাংশ অচিনাক্ত লোকে অঞ্চলৰ বাটে–ঘাটে মদ–ভাং আদি সেৱন কৰি আড্ডা পাতি আহিছে৷ যাৰ পৰিণতিত সন্ধিয়া বজাৰ–সমাৰ কৰিবলৈ যোৱা লোকৰ লগতে কর্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত যুৱতীসকলে প্রায়ে অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ এই অঞ্চলৰ ষ্ট্রীট লাইটৰ সমস্যা সমাধানৰ বাবে অঞ্চলবাসীয়ে ২০১৯ চনৰ এপ্রিল মাহতে বিভাগীয় কর্তৃপক্ষক আবেদন জনাইছিল যদিও আজিপর্যন্ত এই সমস্যা সমাধান নহ’ল৷