নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ দুখীয়াক সবলীকৰণ, আত্মবিশ্বাস গঢ়াই পি এম এ ৱাইৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ প্রধানমন্ত্রী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত মধ্য প্রদেশত নির্মাণ কৰা ১.৭৫ লাখ বাসগৃহ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে অংশ লোৱা এই উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয় যে পিএমএৱাই কেৱল গৃহ নির্মাণ নহয়৷ এয়া হৈছে দুখীয়াক সবলীকৰণ কৰা আৰু দুখীয়াৰ আত্মবিশ্বাস গঢ়ি তোলা৷

ক’ৰোনা মহামাৰীৰ সময়তো পিএমএৱাইৰ অধীনত ৬০ দিনৰ পৰিৱর্তে ৪৫ দিনতে গৃহ নির্মাণ কৰাটো এক উজ্জ্বল উদাহৰণ বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে। দুর্যোগক সুযোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্রত মধ্য প্রদেশৰ গৃহ নির্মাণতকৈ উজ্জ্বল উদাহৰণ আন একো হ’ব নোৱাৰে বুলিও চৰকাৰখনক প্রশংসা কৰে প্রধানমন্ত্রীগৰাকীয়ে।

উল্লেখ্য যে চৰকাৰে নির্মাণত স্থানীয় সামগ্রী আৰু আন্তঃগাঁথনি প্রকল্প থলুৱা সামগ্রীক প্রাধান্য দি দেশৰ অর্থনীতি উজ্জীৱিত কৰাৰ লগতে দেশক স্বনির্ভৰশীল কৰি তোলা বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে।

মধ্য প্রদেশকে ধৰি দেশৰ অনেক ৰাজ্যত প্রধানমন্ত্রী গৰিব কল্যাণ অভিযানত ২৩ হাজাৰ কোটি টকাৰ কল্যাণমূলক কাম হোৱা বুলি সন্তুষ্টি ব্যক্ত কৰে প্রধানমন্ত্রীগৰাকীয়ে। মন কৰিবলগীয়া যে প্রধানমন্ত্রীয়ে কেইগৰাকীমান হিতাধিকাৰীৰ সৈতে বার্তালাপ কৰে৷

You might also like