নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটযোগে অবিৰাম শ্বেয়াৰ ভগ্ন ঘৰৰ ছবি, ৰানাৱটৰ মতে এয়া তেওঁৰ সপোনৰ বলাৎকাৰ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ অভিনেত্ৰী কংগনা ৰানাৱটে টুইটযোগে শ্বেয়াৰ কৰে মুম্বাই পৌৰ কৰ্তৃপক্ষই ভাঙি থৈ যোৱা তেওঁৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ ছবি। লগতে  অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে এইদৰে- ‘এয়া বলাৎকাৰ- মোৰ সপোনৰ, মোৰ উৎসাহৰ, মোৰ আত্মসন্মানৰ আৰু মোৰ ভৱিষ্যতৰ।’

আজি টুইটযোগে বহুকেইটা পোষ্ট শ্বেয়াৰ কৰে ৰানাৱটে। প্ৰতিটো পোষ্টতে বি এম চিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। এটা পোষ্টত তেওঁ উল্লেখ কৰে যে এটা ঘৰ বনাবৰ কাৰণে একোগৰাকী লোকৰ বহু বছৰ লাগে অথচ বি এম চিৰ এটা বস্তি জ্বলোৱাক লৈও কোনো অনুশোচনা নাই।

অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টৰ পৰা ধাৰণা হয় যে বি এম চিৰ দ্বাৰা ভাঙি পেলোৱা ঘৰটোৰ অৱস্থাই তেওঁক যথেষ্ট ব্যথিত কৰিছে। অভিনেত্ৰীগৰাকীৰ ঘৰটোৰ প্ৰতি থকা স্বাভাৱিক ভালপোৱাক  বি এম চিৰ বুলডেজাৰে চূৰ্ণ কৰাত সেয়েহে  টুইটাৰেৰে ইখনৰ পিছত সিখন ফটোসহ পোষ্ট শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।

You might also like