২১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান, কি কয় ছাত্ৰ-ছাত্ৰী, অভিভাৱকে?
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ বাবে বিগত প্ৰায় ৬ মাহে ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান। অনলাইন যোগে ক্লাছসমূহ আৰম্ভ হৈছে যদিও বেছি সুবিধাজনক হোৱা নাই বুলি মন্তব্য কৰিছে একাংশ শিক্ষাৰ্থীয়ে। অৱশ্যে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব। অভিভাৱকৰ অনুমতি সাপেক্ষে বিদ্যালয়ললৈ আহিব লাগিব ছাত্ৰ-ছাত্ৰী। বিদ্যালয়ত উপস্থিতি বাধ্যতামূলক নহয় বুলি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।
একাংশ শিক্ষাৰ্থীয়ে বিদ্যালয়ত শাৰিৰীকভাৱে উপস্থিত হৈ শিক্ষাগ্ৰহণৰ পোষকতা কৰিছে। একাংশ অভিভাৱকেও বিচাৰিছে স্কুল-কলেজ খোলক। কিয়নো ক’ৰোনাৰ সৈতে আমি সহযোজন কৰিবলৈ শিকিব লাগিব।
বিদ্যালয় খোলাক লৈ ৰাজ্যৰ শিক্ষাবিভাগে জাৰি কৰা SOP গুৰুত্বসহকাৰে পালন কৰিব লাগিব বুলি মন্তব্য কৰে একাংশ বিদ্যালয় কৰ্তৃপক্ষই।
আনহাতে এতিয়াও নিজৰ সন্তানক পাঠগ্ৰহণৰ বাবে বিদ্যালয়লৈ পঠাবলৈ সন্মত নহয় একাংশ অভিভাৱক। স্কুল কৰ্তৃপক্ষৰ সাৱধানতা চাইহে বিদ্যালয়লৈ পঠাবলৈ বিচাৰিছে একাংশই।