অনুৰাগ কাশ্যপক ক্ষুৰধাৰ সমালোচনা কংগনাৰ
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্তৰ লগে লগে বলীউডত আৰম্ভ হৈছে অস্থিৰতা৷ শেহতীয়াকৈ অভিনেত্রী পায়েল ঘোষে ছবি নির্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ অনাৰ পিছত এইবাৰ কংগনা ৰানাৱতে কাশ্যপক গ্রেপ্তাৰৰ দাবী উত্থাপন কৰিছে৷ আজি অভিনেত্রীগৰাকী এলানি টুইটযোগে সৰৱ হৈ পৰিছে কাশ্যপৰ বিৰুদ্ধে৷ পায়েল ঘোষৰ অভিযোগৰ পিছত কংগনা ৰানাৱতে আনকি আজি টুইটাৰযোগে এইবুলিও উল্লেখ কৰিছে যে বলীউড এতিয়া যৌন আতিশয্য চলোৱা একাংশ লোকৰ কেন্দ্রস্থল হৈ পৰিছে৷ ইয়াতে আতিশয্য চলোৱা লোকসকল ভুৱা বিবাহত আবদ্ধ হয়৷ বিশ্বজুৰি চর্চা লাভ কৰা ‘মী টু’ আন্দোলন বলীউডত ব্যর্থ বুলি উল্লেখ কৰি কংগনাই কয় যে পায়েল ঘোষে সদায় অপমান সহ্য কৰিও নীৰৱে থাকিব অনুৰাগ কাশ্যপৰ দৰে লোকসকলৰ বাবে৷