নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংকৰ মাজতে আজিৰে পৰা ফ্রেন্স অ’পেন টেনিছ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে আজিৰ পৰা আৰম্ভ হ’ব ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতা৷ পূর্বতে সন্মানীয় গ্রেণ্ডশ্লামখন ২৪ মে’ৰ পৰা অনুষ্ঠিত হৈ আহিছিল যদিও সমগ্র বিশ্বতে ক’ৰোনা আতংক সৃষ্টি হোৱাৰ পৰিপ্রেক্ষিতত এইবাৰ গ্রেণ্ডশ্লামখন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে আয়োজকে৷ ক’ৰোনাৰ আতংকৰ বাবে প্রতিযোগিতাখন ২০ ছেপ্ঢেম্বৰৰ পৰা আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল যদিও ক’ৰোনাৰ আতংক হ্রাস নোপোৱাত আয়োজকে পুনৰবাৰ গ্রেণ্ডশ্লামখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু অৱশেষত ২৭ ছেপ্ঢেম্বৰৰ পৰা প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই সন্মানীয় গ্রেণ্ডশ্লামখনৰ পুৰুষ শাখাত ন’ভাক জক’ভিচ আৰু মহিলাৰ শাখাত ছিমনা হালেপক খিতাপ দখলৰ প্রবল দাবীদাৰ হিচাপে চিহ্ণিত কৰা হৈছে৷ অৱশ্যে জক’ভিচৰ সন্মুখত হেঙাৰস্বৰূপ হ’ব পাৰে ৰাফেল নাডালৰ লগতে আলেকজেণ্ডাৰ জেৰেভ৷ শীর্ষ বাছনিপ্রাপ্ত জক’ভিচে ছুইডেনৰ মিকায়েল ৱাইমেৰৰে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ ইফালে, কেৰিয়াৰত ২০সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপ দখলৰ লক্ষ্যৰে অৱতীর্ণ হ’বলগীয়া নাডালে বুলগেৰিয়াৰ ইগ’ৰ গেৰাচিম’ভৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ আনহাতে, ব্রিটেইনৰ এণ্ডী মাৰেই প্রথম ৰাউণ্ডতে ছুইজাৰলেণ্ডৰ ষ্টানিশ্লাছ ৱাৰিংকাৰে মুখামুখি হ’ব৷

ইপিনে, মহিলা শাখাৰ ছিংগলছত শীর্ষ বাছনিৰ হালেপে স্পেইনৰ ছাৰা ছ’ৰিবেছ ট’ৰম’, তৃতীয় বাছনিৰ এলিনা চিট’লিনাই ভাৰভাৰা গ্রেচেভা আৰু চতুর্থ বাছনিৰ ছ’ফিয়া কেনিনে ৰাছিয়াৰ লিউডমিলা ছামছ’ন’ভাৰে খেলি গ্রেণ্ডশ্লামখনত অভিযান চলাব৷

You might also like