নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰছ’নিক ব্রাহ্মোছ ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা সম্পন্ন ভাৰতৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  ভাৰতে কালি চাৰি শতাধিক কিলোমিটাৰ দূৰত্বভেদী ব্রাহ্মোছ ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্রৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰিছে৷ দেশৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ অধ্যক্ষ জি সতীশ ৰেড্ডীয়ে এক বিবৃতিত উল্লেখ কৰা অনুসৰি ৪০০ কিলোমিটাৰৰ অধিক দূৰত্বৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ’ব এই ক্ষেপণাস্ত্রটো৷

কালিৰ এই ক্ষেপণাস্ত্র পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত বিজ্ঞানীসকলক অভিনন্দনো জ্ঞাপন কৰিছে ডি আৰ ডি অ’ৰ অধ্যক্ষগৰাকীয়ে৷ পি জে–১০ প্রকল্পৰ অধীনত ডি আৰ ডি অ’ৰ তৰফৰ পৰা এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষা চলোৱা হৈছে৷

লক্ষণীয়ভাৱে ঘৰুৱা প্রযুক্তিৰে নির্মাণ কৰা হৈছে এই ক্ষেপণাস্ত্রটো৷ ওড়িশাৰ এক পৰীক্ষা কেন্দ্রৰ পৰা ইয়াৰ সফল পৰীক্ষণ সম্পন্ন কৰাৰ পিছতে দেশৰ প্রতিৰক্ষা ক্ষেত্রত এক নতুন শক্তিৰ সংযোজন ঘটা বুলি চৰকাৰে ঘোষণা কৰিছে৷

উল্লেখনীয় যে ছাবমেৰিন, ৰণতৰী, যুদ্ধবিমান আৰু স্থলভাগৰ পৰা এই ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিব পৰা যাব৷

You might also like