নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ দখলৰ ৰণকৌশল আৰম্ভ জেপি নাড্ডাৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে প্রচাৰ অভিযান৷ ইতিমধ্যে হিন্দী বলয়ৰ ৰাজ্য বিহাৰ দখল কৰাৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এৰ নেতাসকলে আৰম্ভ কৰিছে ৰণকৌশল৷

কালিৰে পৰা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ৰাজ্যখনৰ জ্যেষ্ঠ দলীয় নেতাসকলৰ সৈতে পর্যায়ক্রমে আলোচনাত মিলিত হৈছে৷ ৰাজ্যখনত আগন্তুক নির্বাচনত জয়লাভ কৰিবলৈ হ’লে কেনেধৰণৰ ৰণনীতিৰ প্রয়োজন সেই সন্দর্ভত বিহাৰৰ জ্যেষ্ঠ নেতাসকলৰ পৰা পৰামর্শও বিচাৰিছে নাড্ডাই৷ পুৱাৰ ভাগতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ উপ–মুখ্যমন্ত্রী সুশীল কুমাৰ মোদীয়ে পাটনাৰ পৰা দিল্লীত উপস্থিত হৈ নাড্ডাৰ সৈতে আলোচনাত মিলিত হয়৷ ইফালে, পুৱাৰ ভাগতে পাটনাৰ পৰা দিল্লী অভিমুখে যাত্রা কৰিছে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী মংগল পাণ্ডেই৷ নির্বাচনত এন ডি এৰ মাজত আসন বুজাবুজিৰ ক্ষেত্রত থকা মতানৈক্য আঁতৰ কৰাৰ প্রথম প্রচেষ্টা চলাইছে নাড্ডাই৷

স্মর্তব্য যে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বতেই বিজেপিয়ে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণাও কৰিছিল৷ কিন্তু শেহতীয়াকৈ এন ডি এৰ অন্যতম সহযোগী লোক জনশক্তি পার্টী (এলজেপি)য়ে শতাধিক আসনত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লোৱাৰ লগে লগে এন ডি এত সৃষ্টি হৈছে মতানৈক্য৷ ইফালে, ২৪৩ আসনবিশিষ্ট বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে দলৰ বিহাৰৰ প্রভাৰী হিচাপে আজি জে পি নাড্ডাই নিযুক্তি দিছে মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাবিচক৷

You might also like