নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যধিক ড্রাগ্ছ সেৱনেই হ’ল কালঃ শিলপুখুৰীত ছাত্রৰ ৰহস্যজনক মৃত্যু

হত্যাৰ অভিযোগ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ   গুৱাহাটীত ড্রাগ্ছৰ ৰমৰমীয়া বেহা অব্যাহত আছে৷ ড্রাগ্ছ ব্যৱসায়ী চক্রৰ জালত পৰি অকালতে বহু যুৱক–যুৱতীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ ড্রাগ্ছৰ কৰাল গ্রাসত পৰি কালি গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ এজন ছাত্রই ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শিলপুখুৰীৰ বাপুজী নগৰৰ হাউছিং কলনীৰ বাসিন্দা হৰিপ্রসাদ দাসৰ পুত্র ৰিপ দাসে (১৭) কালি নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়৷ ৯.২৫ বজাত পিতৃয়ে ফোন কৰি ৰিপক নৈশ আহাৰ গ্রহণ কৰিবলৈ মাতে৷ ৰিপে পিতৃক বন্ধু বিকীয়ে ঘৰত থৈ আহিব বুলি অৱগত কৰে৷ কিন্তু নিশা প্রায় ১০ বজাত মনজিৎ ডেকা আৰু ইজাজ আলী নামৰ যুৱক দুজনে ৰিপক নৱগ্রহ মন্দিৰৰ সমীপত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ মনজিৎ আৰু ইজাজে ৰিপক স্কুটীত বহুৱাই ঘৰত নমাই থৈ আহে৷ ৰিপৰ নাক আৰু মুখেৰে তেজৰ ফেন ওলোৱাত ততাতৈয়াকৈ পিতৃয়ে উইনট্রব হাস্পতালত ভর্তি কৰায়৷ ৰিপৰ স্বাস্থ্যৰ অৱনতি ঘটাত উইনট্রব হাস্পতালৰ পৰা এমএমচিএইচলৈ প্রেৰণ কৰা হয়৷ এমএমচিএইচ্ কর্তৃপক্ষই ততাতৈয়াকৈ ৰিপক জিএমচিএইচলৈ প্রেৰণ কৰে৷ নিশা প্রায় ১২ বজাত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত ৰিপৰ মৃত্যু হয়৷ ৰিপৰ মুখমণ্ডল, পিঠি আৰু ভৰিত আঘাতৰ চিন প্রত্যক্ষ কৰি পিতৃ হৰিপ্রসাদ দাসে অত্যধিক ড্রাগ্ছ সেৱন কৰাই পুত্র ৰিপক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ ঘটনা সন্দর্ভত ৰিপৰ পিতৃয়ে চানমাৰি থানাত এটা গোচৰ ৰুজু কৰে৷ ইফালে, অত্যধিক ড্রাগ্ছ সেৱনৰ ফলতেই ছাত্রজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতহে এই কথা স্পষ্ট হ’ব৷ চানমাৰিৰ চিনেট একাডেমীত একাদশ শ্রেণীত অধ্যয়নৰত ৰিপৰ ৰহস্যজনক মৃত্যুক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

You might also like