আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ দ্বিতীয় জয়
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আই পি এলত দ্বিতীয় বিজয় সাব্যস্ত কৰিছে৷ আবু ধাবি আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন গুৰুত্বপূর্ণ মেচত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে কিংছ একাদশ পঞ্জাবক ৪৮ ৰানত পৰাস্ত কৰে৷ ১৯২ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ কিংছ একাদশ পঞ্জাবে আঠ উইকেটৰ বিনিময়ত ১৪৩ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ নিকোলাছ পুৰানে সর্বাধিক ৪৪, মায়ংক আগৰৱালে ২৫ আৰু কৃষ্ণাপ্পা গৌতমে ২২ ৰান কৰাৰ বাহিৰে আনসকল বেটছমেন সম্পূর্ণৰূপে ব্যর্থ হয়৷ অধিনায়ক ৰাহুলে ১৭, কৰুণ নায়াৰে ০, গ্লেন মেক্সৱেলে ১১, জিমি নিছামে ৭ আৰু শ্বৰফৰাজ খান ৭ ৰানত আউট হোৱাত দলটোৰ বাবে জয় সম্ভৱ নহ’ল৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ তাৰকা বেগী বলাৰ জেমছ পেটিনছন, যশপ্রীত বুমৰাহ আৰু স্পীনাৰ ৰাহুল চহৰে দুটাকৈ উইকেট পায়৷ ক্রুনাল পাণ্ডিয়া আৰু ট্রেণ্ট ব’ল্টে এটাকৈ উইকেট দখল কৰে৷
ইয়াৰ পূর্বে কিংছ একাদশ পঞ্জাবৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৯১ ৰান সংগ্রহ কৰে৷ দলটোৰ এই বৃহৎ স্ক’ৰৰ মূলতেই আছিল অধিনায়ক ৰোহিত শর্মা, মিডল অর্ডাৰ বেটছমেন কিৰণ পোলার্ড আৰু অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক বেটিং৷ প্রথমটো অভাৰতে দলটোৱে কুইণ্টন ডি কক আৰু চতুর্থ অভাৰত সূর্য কুমাৰ যাদৱৰ উইকেট হেৰুৱাই প্রাৰম্ভিক বিপর্যয়ৰ সন্মুখীন হৈছিল৷ ডি ককে কোনো ৰান নকৰাকৈ আৰু সূর্য কুমাৰ যাদৱে ১০ ৰান কৰি আউট হয়৷ ইয়াৰ পিছতে অধিনায়ক ৰোহিতক সংগ দিবলৈ আহে উদীয়মান তাৰকা ঈশান কিশনে৷ দুয়োগৰাকীয়ে তৃতীয় উইকেটত ৬২ ৰান যোগ দিয়াৰ সময়তে কিশনে ব্যক্তিগত ২৮ ৰানত পেভিলিয়নমুখী হয়৷ কিন্তু ৰোহিত শর্মাই ৪৫ বলত আঠটা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে ৭০ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ ইনিংছৰ শেষৰ ফালে পোলার্ডে ৪৭ আৰু হার্দিক পাণ্ডিয়াই ৩০ ৰানত অপৰাজিত হৈ ৰয়৷ পোলার্ডে ২০ বলৰ সন্মুখীন হৈ তিনিটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ পাণ্ডিয়াই ১১ বল খেলি তিনিটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰ কোবায়৷ দুয়োগৰাকীয়ে পঞ্চম উইকেটত ৬৭ ৰান যোগ দি মুম্বাই ইণ্ডিয়ানছক বৃহৎ স্ক’ৰ গঢ়াত সহায় কৰে৷ কিংছ একাদশ পঞ্জাবৰ হৈ বেগী বলাৰ কট্রেল আৰু মহম্মদ ছামি আৰু স্পীনাৰ কৃষ্ণাপ্পা গৌতমে এটাকৈ উইকেট পায়৷
ইফালে, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই আজি তৃতীয়গৰাকী বেটছমেন হিচাপে আই পি এলত ৫,০০০ ৰান সম্পূর্ণ কৰিছে৷ এই কৃতিত্ব অর্জন কৰা আন দুগৰাকী বেটছমেন হ’ল কোহলি আৰু ৰাইনা৷