অসুস্থ ক্রিকেটাৰলৈ চিকিৎসা সাহায্য এ চি এৰ
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ জটিল ৰোগত আক্রান্ত ৰাজ্যৰ দুগৰাকী প্রাক্তন ক্রিকেটাৰলৈ অসম ক্রিকেট সন্থাই সহায়ৰ হাত আগবঢ়াইছে৷ সম্প্রতি মুম্বাইত চিকিৎসা চলি থকা তিতাবৰৰ প্রাক্তন ক্রিকেটাৰ আছিফ ইকবাল হুছেইন আৰু ডিব্রুগড়ত চিকিৎসাধীন হৈ থকা চহৰখনৰ প্রাক্তন ক্রিকেটাৰ অতীন্দ্র নাথ ঠাকুৰলৈ চিকিৎসা সাহায্য হিচাপে সন্থাই ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে৷
উল্লেখ্য যে আছিফ ইকবাল হুছেইন ২০০৭ চনৰ পৰা তিতাবৰ জিলা ক্রীড়া সন্থাৰ সৈতেও জড়িত হৈ আছে৷ একেদৰে, প্রাক্তন ক্রিকেটাৰ অতীন্দ্র নাথ ঠাকুৰে ১৯৭২ চনত কোচবিহাৰ ট্রফীত অসমক প্রতিনিধিত্ব কৰিছিল৷ ১৯৭৭–৭৮ আৰু ১৯৭৮–৭৯ বর্ষত তেওঁ কর্নেল চি কে নাইডু ট্রফীতো অসমৰ হৈ খেলিছিল৷ অসম ক্রিকেট সন্থাই আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে৷
ইফালে, অসম ক্রিকেট সন্থাৰ এই পদক্ষেপক আদৰণি জনাইছে অসম প্রবীণ ক্রিকেট সন্থাই৷