ছিক্রেট ছার্ভিচক লৈ ক’ভিড পজিটিভ ট্রাম্পৰ ৰাজপথত ভ্রমণ
মার্কিন ৰাষ্ট্রপতিৰ উদ্বেগজনক কাণ্ড
নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ ক’ভিড–১৯ত আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ উদ্ভট আচৰণক লৈ দেশখনৰ লগতে বিশ্বজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ক’ভিড–১৯ত আক্রান্ত লোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ লগতে চিকিৎসালয়ত থকাটো বাধ্যতামূলক যদিও মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ছিক্রেট ছার্ভিচৰ নিৰাপত্তা বেষ্টনীৰ মাজত গাড়ীৰে ৰাজপথলৈ ওলাই আহি বিতর্ক সৃষ্টি কৰিছে৷ ইয়াৰ পূর্বেও মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ক’ভিড–১৯ৰ প্রট’কল হিচাপে মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব বর্তাই নাৰাখি বিতর্কত সাঙোৰ খাই পৰিছিল৷ দেশখনত ক’ভিড–১৯ক লৈ গ্রহণ কৰা পদক্ষেপ সন্দর্ভতো সমালোচনাৰ সন্মুখীন হৈ থকা ৰাষ্ট্রপতি ট্রাম্পে পুনৰ ক’ভিড–১৯ক লৈ ধেমালি কৰিলে৷ ক’ভিড–১৯ত আক্রান্ত হৈ সামৰিক চিকিৎসালয়ত ভর্তি হৈ থকা ৰাষ্ট্রপতিগৰাকীয়ে ছিক্রেট ছার্ভিচৰ সৈতে গাড়ীত উঠি ৰাজপথলৈ ওলাই আহে৷ এই সময়ছোৱাত ৰাষ্ট্রপতি ট্রাম্পে হাত চাপৰিৰে পথৰ দাঁতিত থকা অনুগামীসকলক অভিবাদন জনায়৷ গাড়ীৰ ভিতৰত থকা ট্রাম্পে মাস্ক পৰিধান কৰা প্রত্যক্ষ কৰা হয়৷
ক’ভিড–১৯ ৰোগী ট্রাম্প ৰাজপথলৈ ওলাই অহা ঘটনাটোত দেশখনৰে চিকিৎসক তথা চিকিৎসা বিশেষজ্ঞই গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে৷ উল্লেখ্য যে ৱাল্টাৰ ৰীড হাস্পতালৰ পৰা ওলাই আহিম বুলি ৰাষ্ট্রপতি ট্রাম্পে টুইটযোগে প্রকাশ কৰাৰ লগে লগে ৰাজপথৰ দুয়োকাষে অনেক অনুগামীয়ে ভিৰ কৰে৷ ৱাশ্বিংটনৰ সমীপৰ এই হাস্পতালৰ পৰা গাড়ীৰ পিছৰ ছিটত মাস্ক পিন্ধা ট্রাম্পে হাত চাপৰি বজাই অনুগামীক অভিবাদন জনোৱা দৃশ্যটোৱে প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷ উল্লেখ্য যে মহামাৰী ভাইৰাছত আক্রান্ত ৰাষ্ট্রপতিগৰাকীৰ লগত আনকি গাড়ীৰ ভিতৰত ছিক্রেট ছার্ভিচৰ এজেণ্টো আছিল৷ চিকিৎসকৰ পৰামর্শক আওকাণ কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনা ট্রাম্পৰ এই আচৰণক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ গুৰুত্বপূর্ণ যে ট্রাম্পৰ লগত গাড়ীৰ ভিতৰত থকা ছিক্রেট ছার্ভিচৰ এজেণ্টো ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি চিকিৎসালয়খনৰ চিকিৎসক ড০ জেমছ ফিলিপে ঘোষণা কৰিছে৷ অহা ৩ নৱেম্বৰত ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান প্রার্থী তথা ৰাষ্ট্রপতি ট্রাম্পৰ এনে কার্যক লৈ গৰিহণা দিছে ডেম’ক্রেটিক পার্টীয়ে৷ ডেম’ক্রেটিক পার্টীৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভ হাকিম জেফিছে টুইটযোগে ট্রাম্পক সমালোচনা কৰি কয় যে ফটো ছেছন নহয়, দেশক নেতৃত্বৰ আৱশ্যক৷ উনুকিয়াব পাৰি যে ৰাষ্ট্রপতি ট্রাম্পৰ লগতে তেওঁৰ পত্নী মেলানিয়া ট্রাম্প, হোৱাইট হাউছৰ কেইবাজনো কর্মচাৰী ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷