নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ অক্টোবৰৰ পৰা পর্যায়ক্রমে খুলিব স্কুল কোচিং চেণ্টাৰ

শিক্ষা মন্ত্রালয়ৰ এছ’পি

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  ক’ৰোনাসৃষ্ট পৰিস্থিতিত বন্ধ হৈ থকা দেশৰ শিক্ষানুষ্ঠান আৰু কোচিং চেণ্টাৰসমূহ অহা ১৫ অক্টোবৰৰ পাছৰ পৰা পর্যায়ক্রমে খুলিব৷ আনলক–৫.০ৰ অধীনত যোৱা ৩০ ছেপ্টেম্বৰত এই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ে দিয়া নির্দেশনাৰ লগত সংগতি ৰাখি আজি শিক্ষা মন্ত্রালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ (এছ অ’ পি) জাৰি কৰিছে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়ালে টুইটাৰযোগে সদৰী কৰা মতে এছ অ’ পিখন প্রধানতঃ দুটা অংশবিশিষ্ট৷ ইয়াৰে প্রথমটো অংশত স্কুল পুনৰ খোলা সন্দর্ভত স্বাস্থ্য আৰু সুৰক্ষা সম্পর্কীয় বিষয়সমূহ সন্নিৱিষ্ট কৰাৰ বিপৰীতে আনটো অংশত শাৰীৰিক–সামাজিক ব্যৱধান ৰক্ষা কৰি শিক্ষণ–শিকন সম্পর্কীয় বিষয় সন্নিৱিষ্ট হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে যোৱা ৩০ ছেপ্টেম্বৰত জাৰি কৰা নির্দেশনাত উল্লেখ কৰিছিল যে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ চৰকাৰে সংশ্লিষ্ট বিদ্যালয়ৰ পৰিচালনা কর্তৃপক্ষৰ সৈতে আলোচনামর্মে আৰু স্থানীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ১৫ অক্টোবৰৰ পাছৰ পৰা বিদ্যালয়–কোচিং চেণ্টাৰসমূহ পর্যায়ক্রমে খুলিব পাৰিব৷

সোমবাৰে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে জাৰি কৰা এছ অ’ পিত সমগ্র বিদ্যালয় চৌহদৰ উপৰি আচবাব পত্র, পানী টেংকী, পৰীক্ষাগাৰ, পুথিভঁৰাল, সা–সামগ্রী আদি সম্পূর্ণৰূপে পৰিষ্কাৰ কৰাৰ লগতে বীজাণুনাশক কৰাৰ কথা কোৱা হৈছে৷ সেইদৰে বিদ্যালয়সমূহে গঠন কৰিব লাগিব টাস্ক ইন৷ সুৰক্ষা আৰু শাৰীৰিক–সামাজিক ব্যৱধান ৰক্ষাৰ ক্ষেত্রত ৰাজ্য–কেন্দ্রীয় চৰকাৰসমূহে ইছু কৰা গাইড লাইনৰ উপৰি বিদ্যালয় কর্তৃপক্ষই নিজাববীয়াকৈ এছ অ’ পি জাৰি কৰিব পাৰিব৷ এনেধৰণৰ বিষয় সন্নিৱিষ্ট জাননী, পোষ্টাৰ আদি ছাত্র–ছাত্রীৰ পিতৃ–মাতৃয়ে দেখাকৈ আঁৰি থ’ব লাগিব৷ শ্রেণীকোঠাত ছাত্র–ছাত্রী বহাৰ বাবে আসন পৰিকল্পনা কৰাৰ সময়ত শাৰীৰিক–সামাজিক ব্যৱধান নিশ্চিত হ’ব লাগিব৷ বিদ্যালয়ত অনুষ্ঠান আদি এৰাই চলাটো বাধ্যতামূলক৷ বিদ্যালয়লৈ অহাৰ সময়ত সকলো শিক্ষার্থী আৰু শিক্ষক–কর্মচাৰীয়ে ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ বিদ্যালয়লৈ ছাত্র–ছাত্রী অহা সন্দর্ভত তেওঁলোকৰ পিতৃ–মাতৃ বা অভিভাৱকৰ অনুমতি লোৱাটো নিশ্চিত কৰিব লাগিব ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰে৷ শিক্ষা মন্ত্রালয়ৰ এছ অ’ পিখনত সমগ্র শৈক্ষিক বর্ষটোৰ বাবে বিকল্প কেলেণ্ডাৰৰ কথাও কোৱা হৈছে৷ সংশ্লিষ্ট শিক্ষা সঞ্চালকালয়ৰ পৰা লাভ কৰা গাইড লাইনৰ পুংখানুপুংখ শৈক্ষিক পৰিকল্পনা প্রস্তুত কৰিব লাগিব৷ এই পৰিকল্পনাই এনচিইআৰটিয়ে প্রস্তুত কৰা বিকল্প শৈক্ষিক কেলেণ্ডাৰ অনুসৰণ কৰিব লাগিব৷ ইয়াৰ উপৰি এছ অ’ পিখনত আন কেতবোৰ বিষয় উল্লেখ কৰা হৈছে৷ বিশেষকৈ শিক্ষা মন্ত্রালয়ৰ এছ অ’ পিৰ ভিত্তিত ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰসমূহে স্কুল পুনৰ খোলা সন্দর্ভত নিজাববীয়া এছ অ’ পি প্রস্তুত কৰিব পাৰিব৷ তদুপৰি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ শিক্ষা বিভাগসমূহে ডায়েটৰ ফেকাল্টী, বিদ্যালয়ৰ মুৰব্বী, শিক্ষক আৰু ছাত্র–ছাত্রীৰ পিতৃ–মাতৃৰ মাজত বিদ্যালয় খোলাৰ পূর্বে সজাগতা গঢ়ি তোলাৰ ব্যৱস্থা গ্রহণৰ কথাও কোৱা হৈছে৷

You might also like