নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ ছাবমেৰিন বিধ্বংসী যুদ্ধখণ্ডত অত্যাধুনিক প্রযুক্তিৰ উদ্ভাৱনেৰে দেশৰ প্রতিৰক্ষা খণ্ডক শক্তিশালী কৰিলে ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডিআৰডি’)এ৷
সোমবাৰে দিনৰ ১১.৪৫ বজাত ওড়িশাৰ হুইলাৰ আইলেণ্ডৰ পৰা ডি আৰ ডি অ’ই স্মার্ট (ছুপাৰছ’নিক মিছাইল এছিছটেড ৰিলিজ অৱ টর্পেড’)ৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷
স্মার্টৰ সফল পৰীক্ষণৰ পিছতে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে টুইটযোগে কয় ‘ডি আৰ ডি অ’ ইণ্ডিয়াই সফলতাৰে স্মার্ট পৰীক্ষণ সম্পন্ন কৰিলে৷ ইয়ে ছাবমেৰিন বিধ্বংসী যুদ্ধক্ষেত্রত প্রযুক্তিৰ উদ্ভাৱনেৰে দেশক শক্তিশালী কৰিলে৷ মই ডি আৰ ডি অ’ আৰু এই পৰীক্ষণৰ অংশীদাৰসকলক গুৰুত্বপূর্ণ কৃতিত্বৰ বাবে অভিনন্দন জনালোঁ৷ উল্লেখ্য যে টর্পেড’ দূৰত্বৰ বাহিৰেও এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ (এএছডব্লিউ)ৰ কাৰণে স্মার্ট হৈছে মিছাইল প্রক্ষেপ কৰা লাইটৱেইট এণ্টি ছাবমেৰিন টর্পেড’ ছিষ্টেম৷