নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–কছাৰীবস্তী পদপথৰ শ্লেব খহি যাতায়াত বন্ধঃ পথচাৰীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  প্রশাসনৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে দীর্ঘদিনে যাতায়াত বন্ধ হৈ আছে গণেশগুৰি–কছাৰীবস্তী সংযোগী এটা পথৰ৷ গণেশগুৰি উৰণীয়া সেতুৰ গাতে লাগি থকা পথটো তথা মহাপুৰুষ শংকৰদেৱ পথৰ পদপথৰ শ্লেব দীর্ঘদিনে খহি পৰি আছে যদিও নির্মাণ কিম্বা মেৰামতিত কাণসাৰ নাই বিয়াগোম বিভাগসমূহৰ৷ যাৰ বাবে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগি থাকিবলগীয়া হৈছে ৰাইজে৷ পদপথটোৰ লোৰ শ্লেব খহি পৰা বহুদিন হ’ল যদিও আজিকোপতি নির্মাণ নকৰাত ক্ষোভ প্রকাশ কৰিছে যাত্রীসকলে৷ কেৱল দুডালমান বাঁহ মেৰিয়াই থৈয়ে যেন দায়িত্ব সামৰিছে প্রশাসনৰ বিয়াগোম বিভাগসমূহে৷ পদপথটোৰ শ্লেব খহি পৰি থকা বাবে যাত্রীসকলে এপাক দূৰৰ পৰা ঘূৰি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ আনকি যান–বাহন যাব নোৱৰা বাবে স্থানীয় ব্যৱসায়ীসকলো লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সদাব্যস্ত পথটোৰ এই দুৰৱস্থাৰ পিছতো দীর্ঘদিনে প্রশাসনে ব্যৱস্থা গ্রহণ নকৰাত এতিয়া উপায়বিহীন হৈ পৰিছে স্থানীয় ৰাইজ, ব্যৱসায়ী তথা যাত্রীসকল৷ এইক্ষেত্রত প্রশাসনৰ বিয়াগোম বিভাগসমূহক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে৷

You might also like