টি–২০ত ৯,০০০ ৰান পূর্ণ; কোহলি প্রথম ভাৰতীয়
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিয়ে ভাৰতৰ প্রথমগৰাকী খেলুৱৈ হিচাপে টি–২০ ক্রিকেটত ৯,০০০ ৰান সম্পূর্ণ কৰিছে৷ সোমবাৰে নিশা ডুবাইত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত ব্যক্তিগতভাৱে ১০ ৰান সংগ্রহ কৰাৰ সময়তে তাৰকাগৰাকীয়ে এই মাইলষ্ট’নত উপনীত হয়৷
টি–২০ত ৯,০০০ ৰান সম্পূর্ণ কৰা বিশ্বৰ দ্বিতীয় দ্রুততম বেটছমেন হিচাপে কোহলিয়ে অভিলেখ ৰচে৷ তেওঁ ২৭১টা ইনিংছত এই কৃতিত্ব অর্জন কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ তাৰকা গেইলে ২৫৩টা ইনিংছত ৯,০০০ ৰান সম্পূর্ণ কৰিছিল৷ গেইলে এতিয়ালৈকে ৪০৪খন টি–২০ত ১৩,২৯৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ পোলার্ডে ৫১৭খন মেচত ১০,৩৭০ ৰান, ছোৱেইব মালিকে ৩৯২খন মেচত ৯,৯২৬ ৰান, মেককুলামে ৩৭০খন মেচত ৯,৯২২ ৰান কৰিছে৷