পৃথিৱীতকৈ জীৱৰ অধিক বাসোপযোগী ২৪ গ্রহ চিনাক্ত গৱেষকৰ
ৱাশ্বিংটন ষ্টেট বিশ্ববিদ্যালয়ৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ অনন্য সুন্দৰ আমি বাস কৰা গ্রহ পৃথিৱী৷ জীৱ আৰু উদ্ভিত জগতৰ সমাহাৰেৰে সমৃদ্ধিশালী পৃথিৱীতকৈ জীৱৰ অধিক বাসপোযোগী গ্রহ থাকিব পাৰেনে? ই আমাৰ বিজ্ঞানীসকলৰ কল্পনাপ্রসূত গৱেষণাৰ মাজতেই সীমাবদ্ধ হৈ থাকিবনে? এনে ৰঙীন সপোন লৈ জীৱৰ সন্ধানত পৃথিৱীৰ বাহিৰে বিশ্বব্রহ্মাণ্ডত আন গ্রহ আছে নেকি, তাক লৈ দীর্ঘদিন ধৰি অধ্যয়ন–গৱেষণা চলি আহিছে৷ সৌৰজগতত পৃথিৱীৰ বাহিৰে আন গ্রহকেইটাত জীৱৰ সন্ধানত বিজ্ঞানীসকলে অহৰহ গৱেষণা চলাই আহিছে যদিও এতিয়ালৈকে কোনো এটা গ্রহই জীৱৰ বাসপোযোগী বুলি নিশ্চিত হোৱা নাই৷ এনে সময়তে পৃথিৱীতকৈ অধিক জীৱৰ বাসপোযোগী গ্রহ বিশ্বব্রহ্মাণ্ডত চিনাক্ত কৰিবলৈ সক্ষম হৈছে বিজ্ঞানী–গৱেষকৰ দল৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ষ্টেট ইউনিভার্ছিটাৰ বিজ্ঞানী ডার্ক শ্বুলজে–মাকুছৰ নেতৃত্বত এটা গৱেষকৰ দলে পৃথিৱীতকৈ জীৱৰ অধিক বাসপোযোগী গ্রহ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ এষ্ট্র’বায়লজী জার্নেলত অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা মতে, বিশ্বব্রহ্মাণ্ডত জীৱৰ বাসপোযোগী গ্রহ ২৪টা চিনাক্ত কৰা হৈছে৷ এই গ্রহকেইটা পৃথিৱীৰ পৰা ১০০ আলোকবর্ষ দূৰত৷ বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে, এই গ্রহকেইটা পৃথিৱীতকৈ অধিক জীৱৰ বাসপোযোগী হ’ব৷ গ্রহকেইটা পৃথিৱীতকৈ পুৰণি, সামান্য ডাঙৰ, কিছু গৰম আৰু সামান্য শীতল৷ গ্রহকেইটাই পৰিভ্রমণ কৰি থকা তাৰকাকেইটাও আনকি সূর্যতকৈ উন্নত৷ এই গ্রহকেইটাত সহজতে জীৱই বাস কৰিব পাৰিব৷ নাছাৰ জেমছ ৱেব স্পেচ টেলিস্ক’প, লুভিয়ৰ স্পেচ অবজাৰভেটৰী আৰু ইউৰোপিয়ান স্পেচ এজেন্সীৰ প্লেটা স্পেচ টেলিস্ক’পৰ জৰিয়তে এই গ্রহকেইটাৰ অস্তিত্ব অনাগত সময়ত অধিক স্পষ্ট কৰিব পাৰিব বুলিও বিজ্ঞানী শ্বুলজে–মাকুছে প্রকাশ কৰিছে৷ বাসপোযোগী ২৪ গ্রহ চিনাক্ত কৰা গৱেষক–বিজ্ঞানীৰ দলটোত শ্বুলজে–মাকুছৰ উপৰি মেক্স প্লাংক ইনষ্টিটিউট ফৰ ছ’লাৰ ছিষ্টেম ৰিছার্চৰ জ্যোতির্বিদ ৰেনে হেলাৰ আৰু ভিলানভা ইউনিভার্ছিটীৰ এডৱার্ড গুইনানে বাসপোযোগী গ্রহ চিনাক্ত কৰাৰ বাবে আমাৰ সৌৰজগতৰ বাহিৰৰ প্রায় ৪,৫০০ জ্ঞাত গ্রহৰ ওপৰত অধ্যয়ন চলাইছিল৷ বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে, গ্রহকেইটাত জীৱৰ অস্তিত্ব নিশ্চিতভাৱে থকা বুলি দাবী কৰিব নোৱাৰি যদিও গ্রহকেইটাত জীৱৰ বাসৰ বাবে সকলো সম্ভাৱনা আছে৷ প্রতিবেদনত প্রকাশ পোৱা মতে, আমি বাস কৰা পৃথিৱী প্রায় ৪.৫ বিলিয়ন বছৰ পুৰণি৷ কিন্তু যিকেইটা গ্রহ চিনাক্ত কৰা হৈছে, সেই গ্রহকেইটা ৫ বিলিয়নৰ পৰা ৮ বিলিয়ন বছৰ পুৰণি৷ আনপিনে বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে, ২৪টাৰ ভিতৰত এটা গ্রহ পৃথিৱীতকৈ ১০ শতাংশ বিশাল৷ য’ত জীৱৰ বাসস্থানৰ বাবে ভূমি আছে৷ লক্ষণীয় যে জীৱৰ বাসপোযোগী গ্রহকেইটাত জীৱৰ বাসৰ বাবে সকলো বৈশিষ্ট্য আছে যদিও দুই–এটা বৈশিষ্ট্য আমাৰ পৃথিৱীতকৈ অধিক৷ এনে ক্ষেত্রত পৃথিৱীতকৈ সেই গ্রহকেইটা অধিক জীৱৰ বাসপোযোগী হ’ব পাৰে৷ পৃথিৱীৰ বিজ্ঞানীসকলে জীৱৰ অস্তিত্ব আন গ্রহত সন্ধান চলাই থকাৰ লগতে আন গ্রহ জীৱৰ বাসপোযোগী হয় নে নহয়, তাক লৈ অধ্যয়ন চলোৱাৰ সময়তে আমেৰিকাৰ বিজ্ঞানীয়ে আশপ্রদ বার্তা প্রকাশ কৰিছে৷