নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ আকাশত ডাঙৰকৈ দেখা যাব মঙল গ্ৰহ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ কাইলৈ আকাশত দেখিবলৈ পোৱা যাব এক অনন্য দৃশ্য, যি দৃশ্য প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিব লাগিব ২০৩৫ চনলৈ। হয়, কাইলৈ অৰ্থাৎ ১৩ অক্টোবৰত মঙল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব, যাৰ ফলত ৰঙাগ্ৰহটো দৃশ্যমান হ’ব আনদিনাৰ তুলনাত ডাঙৰ ৰূপত।

ৰঙাগ্ৰহ মঙলে সূৰ্যৰ বিপৰীত দিশত অৱস্থান কৰাৰ লগতে পৃথিৱীয়ে মঙল আৰু সূৰ্যৰ মাজত পোনপটীয়াকৈ অৱস্থিত হ’ব। মঙল আৰু পৃথিৱী একেটা শাৰীত অৱস্থান কৰাৰ বাবে আকাশত সূৰ্যাস্তৰ সময়ত ডাঙৰ ৰূপত দেখা যাব।

সেই সময়ত, গ্ৰহটো টেলিস্কোপেৰে চালে উজ্জ্বল আৰু স্পষ্ট আকৃতিত দেখা যাব। আকাশ ফৰকাল থাকিলে এই দৃশ্য উপভোগ কৰিব পৰা যাব।

You might also like