দুগৰাকী আমেৰিকানলৈ অৰ্থনীতিৰ নোবেল বঁটা
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ২০২০ চনৰ অৰ্থনীতিৰ নোবেলপ্ৰাপকৰ নাম ঘোষণা কৰিলে ৰয়েল ছুইডিছ একাডেমীয়ে। আজি ঘোষণা কৰা অনুসৰি পল আৰ মিলগ্ৰোম আৰু ৰবাৰ্ট বি উইলছনে লাভ কৰিলে এই সন্মানজনক বঁটা। নিলাম তত্ত্বৰ ওপৰত গৱেষণা চলোৱা দুয়োগৰাকী অৰ্থনীতিবিদে নতুন নিলাম পদ্ধতি আৱিষ্কাৰ কৰাৰ বাবে এই সন্মানৰ অধিকাৰী হয়।
আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত কৰ্মৰত অৰ্থনীতিবিদ দুগৰাকীয়ে তথাকথিত পৰম্পৰাগত নিলাম প্ৰক্ৰিয়াৰ সংসাধন ঘটাই নিলাম প্ৰক্ৰিয়াৰ নতুন পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যাৰ ফলত বিক্ৰেতা, ক্ৰেতা আৰু কৰদাতা লাভান্বিত হোৱা দেখা যায়।